জাগ্ৰেব (ক্ৰ’ৱেচিয়া), ০৫ জুলাই (হি.স.)। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন ডি গুকেছে গ্ৰেণ্ড চেছ ট্যুৰ ২০২৫ৰ জাগ্ৰেব লেগত ৰেপিডৰ খিতাপ দখল কৰে। শুকুৰবাৰে সমাপ্ত হোৱা ৰেপিড শাখাত পোলেণ্ডৰ জান-ক্ৰিষ্টফ ডুডাই দ্বিতীয় স্থান দখল কৰে।
প্ৰথম ৰাউণ্ডত পৰাজয়ৰ সৈতে আৰম্ভণি কৰিছিল গুকেশে যদিও তেওঁ এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰিছিল আৰু একেৰাহে পাঁচখন মেচত জয়লাভ কৰিছিল, য’ত প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ইয়াৰ পিছত গুকেশে ক্ৰমে সপ্তম আৰু অষ্টম ৰাউণ্ডত অনিশ গিৰি আৰু ইভান ছাৰিচৰ সৈতে ড্ৰ’ খেলিছিল।
অন্তিম ৰাউণ্ডত তেওঁ আমেৰিকাৰ ৱেছলী ছ’ক পৰাস্ত কৰি মুঠ ১৪ পইণ্টেৰে ৰেপিড শাখাত শীৰ্ষস্থান দখল কৰে। ডুডাই ১১ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে কাৰ্লচেনে ১০ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান দখল কৰে।
ভাৰতৰ আৰ প্ৰাগনানন্দাই ৯ পইণ্টেৰে ফেবিয়ানো কাৰুয়ানাৰ সৈতে যৌথভাৱে চতুৰ্থ স্থান দখল কৰে। এতিয়া প্ৰতিযোগিতাৰ ব্লিটজ ছেকচন খেলিব। ৰেপিড আৰু ব্লিটজ দুয়োটা শাখাৰ সংযুক্ত পইণ্টৰ ওপৰত ভিত্তি কৰি সামগ্ৰিক বিজয়ী নিৰ্ণয় কৰা হ’ব।
এইখন গ্ৰেণ্ড চেছ ট্যুৰ ২০২৫ৰ তৃতীয়খন প্ৰতিযোগিতা।ইয়াৰ পূৰ্বে পোলেণ্ড আৰু ৰোমানিয়া পৰ্যায় ক্ৰমে এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হৈছিল। ৰোমানিয়াৰ বুখাৰেষ্টত প্ৰাগনানাণ্ডাই খিতাপ দখল কৰাৰ লগতে পোলেণ্ডৰ ৱাৰ্ছত তৃতীয় স্থান দখল কৰে।
আগষ্ট মাহত আমেৰিকাত আৰু দুখন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত ব্ৰাজিলত চূড়ান্ত পৰ্যায় অনুষ্ঠিত হ’ব, য’ত তিনিওটা ফৰ্মেটতে – ক্লাছিকেল, ৰেপিড আৰু ব্লিট্জ – প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
