কোকৰাঝাৰ, ১৫ ডিছেম্বৰ (হি.স.): অসম বংগ সীমান্তৰ জোনাকী ক্লাৱ মাছখেলি ফুটবল খেলপথাৰত যোৱাকালি আবেলি এদিনীয়া আঠ দলীয়া নক আউট ফুটবল খেল প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হৈ যায়। বিশিষ্ট সমাজ সেৱক, প্ৰাক্তন আকমাৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ তথা ৰাজনৈতিকবীদ সঞ্জয় মাৰাণ্ডি (শ্যাম) -ৰ মৃত্যু বাৰ্ষিকীৰ স্মৃতিৰ উপলক্ষে এই ফুটবল খেলখন অনুষ্ঠিত হয়।
প্ৰাক্তন আকমাৰ পৰিচালনাত জোনাকী ক্লাৱ, দৃষ্টি ছ”ছিয়াল ওৱেলফাৰ ছোছাইটিৰ (এন,জি,ও) ৰ সহযোগত অসম বংগ সীমান্তৰ মাছখেলি ফুটবল খেলখন আয়োজন কৰা হয়। অসম আৰু পশ্চিম বংগৰ আঠটাকৈ ফুটবল টিমে সঞ্জয় মাৰান্ডি স্মৃতি নক আউট ফুটবল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰে। এই খেলখন শুভাৰম্ভ কৰে ৩নং শ্ৰীৰামপুৰ পাৰিষদিয় সমষ্টিৰ পৰিষদ সজল কুমাৰ সিংহই। ইয়াৰ লগতে উপস্থিত থাকে এডব্লিউডিচিৰ চেয়াৰমেন ৱাচিম হসদা ডাঙৰীয়া আৰু অন্যান্য সন্মানীয় ব্যক্তি সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
