হিছৰ (তাজিকিস্তান), ৩০ আগষ্ট (হি.স.)। ভাৰতৰ পুৰুষ ফুটবল দলে ২০২৫ চনৰ কাফা নেচনছ কাপত আয়োজক তাজিকিস্তানক ২-১ গ’লত পৰাস্ত কৰি নতুন মুখ্য প্ৰশিক্ষক খালিদ জামিলৰ কাৰ্যকালত এক সুন্দৰ আৰম্ভণি কৰিছিল।
ভাৰতৰ হৈ আনোৱাৰ আলী আৰু সন্দেশ ঝিংগানে গ’ল দিয়াৰ বিপৰীতে তাজিকিস্তানৰ হৈ একমাত্ৰ গ’লটো শ্বাহৰম ছামিয়েভে। প্রায় দুবছৰৰ পাছত বিদেশৰ মাটিত ভাৰতৰ এয়া প্রথম জয়৷ বিশ্বকাপৰ কোৱালিফায়াৰত শেষবাৰৰ বাবে ভাৰতে কুৱেইটক পৰাস্ত কৰিছিল ২০২৩ চনৰ নৱেম্বৰ মাহত।
খেলখনৰ আৰম্ভণিতে ভাৰতে অগ্ৰগতি লাভ কৰে। পঞ্চম মিনিটত আনোৱাৰ আলীৰ হেডাৰে গ’ললাইন পাৰ হৈ যায়। যদিও আয়োজক খেলুৱৈসকলে ইয়াক ৰখাবলৈ চেষ্টা কৰিছিল, তথাপিও বলটোৱে সম্পূৰ্ণৰূপে সীমা অতিক্ৰম কৰিছিল।
অভিজ্ঞ ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীক দলৰ পৰা আঁতৰাই ৰখাৰ লগতে মোহন বাগান ছুপাৰ জায়েণ্টৰ খেলুৱৈ উপলব্ধ নহ’লেও জামিলৰ কৌশল ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। ভাৰতৰ ডিফেণ্ডাৰৰ আগ্ৰাসী জড়িততাৰ ফলত দ্বিতীয়টো গ’ল হয়। আনোৱাৰৰ ক্ৰছৰ পৰা ৰাহুল বেকেৰ হেডাৰটো গ’লৰক্ষকে ৰক্ষা কৰে যদিও ৰিবাউণ্ডত ঝিংগানে বলটো নেটত সোমাই দিয়ে।
ইয়াৰ দহ মিনিটৰ পাছত ছামিয়েভে এটা গ’ল দি আয়োজক দলৰ আশা বৃদ্ধি কৰে। দ্বিতীয়াৰ্ধত ৰুষ্টাম ছয়ৰভক বাকচত নমাই দিয়াত তাজিকিস্তানে সমতা স্থাপনৰ সুযোগ লাভ কৰে। অৱশ্যে নৱেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভণিৰ এঘাৰলৈ ঘূৰি অহা ভাৰতৰ গ’লৰক্ষক গুৰপ্ৰীত সিং সন্ধুৱে এটা উজ্জ্বল ছেভ কৰি পেনাল্টি বিফল কৰে।
এতিয়া ১ ছেপ্টেম্বৰত দ্বিতীয়খন খেলত এছিয়াৰ দৈত্য ইৰাণৰ বিৰুদ্ধে ভাৰতে খেলিব।ইয়াৰ পিছত ৩ ছেপ্টেম্বৰত দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ইৰাণে আফগানিস্তানক ৩-১ গ’লত পৰাস্ত কৰে। তেওঁলোকৰ হৈ মজিদ আলিয়াৰীয়ে দুটা গ’ল আৰু আমিৰহছেইন হোছেইনজাদে এটা গ’ল দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
