আকাৰা, ১৩ অক্টোবৰ (হি.স.)। ঘানাই দেওবাৰে চূড়ান্ত কোৱালিফায়াৰত কোমোৰ’ছক ১-০ গ’লত পৰাস্ত কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে ।
মেচখনত মাত্ৰ এটা পইণ্টৰ প্ৰয়োজন হোৱাৰ পিছতো ঘানাই আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰে। কোৱালিফায়াৰত ঘানাক একমাত্ৰ পৰাজয়ৰ অৰ্পণ কৰা কোমোৰ’ছে তীব্ৰ যুঁজ দি তৃতীয় মিনিটত গ’লৰ সুযোগ সৃষ্টি কৰে। অৱশ্যে প্ৰথমাৰ্ধটো গ’লবিহীনভাৱে সমাপ্ত হয়।
দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৪৭ মিনিটত টটেনহাম হটস্পাৰৰ মিডফিল্ডাৰ মহম্মদ কুডুছে গ’ল দি প্ৰায় ৩৫ হাজাৰ দৰ্শকক আনন্দ উল্লাস কৰিবলৈ সুযোগ দিয়ে।
এই জয়ৰ জৰিয়তে ঘানাই বিশ্বকাপৰ বাবে প্ৰত্যক্ষ অৰ্হতা নিশ্চিত কৰি প্ৰথম গ্ৰুপত ২৫ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। মাদাগাস্কাৰে ১৯ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে আৰু মালিয়ে ১৮ পইণ্টেৰে তৃতীয় স্থান দখল কৰে। কোমোৰ’ছ, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক আৰু চাডে ক্ৰমে ১৫, ৮ আৰু ১ পইণ্টেৰে পিছ পৰি আছে।
ইয়াৰ পূৰ্বে ঘানাই ২০০৬, ২০১০, ২০১৪, আৰু ২০২২ চনত ফিফা বিশ্বকাপত খেলিছিল। দলটোৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০১০ চনত, যেতিয়া ই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
