কোকৰাঝাৰ, ১৬ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কুমগুৰী এলপি স্কুল খেল পথাৰত উত্তৰ পূৰ্বাঞ্চল লোক কল্যান সমিতিৰ কোকৰাঝাৰ শাখাৰ উদ্যোগত আৰু কাৰ্ছা ক্লাবৰ সহযোগত যোৱা তেৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ফুটবল খেল প্ৰতিযোগিতাৰ কালি সন্ধিয়া অনুষ্ঠিত হয় চুড়ান্ত খেল খন। এই খেলখনত কোকৰাঝাৰ জিলাৰ শুকান ঝোৰা ইহি হিউ ষ্পৰ্টছ ক্লাবে ধাউলীগুৰী চেভেন ষ্টাৰ ক্লাবক এক শুন্য গ’লত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে।
উক্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ, ভাল গ’ল দাতা আৰু শ্ৰেষ্ঠ গ’ল ৰক্ষক বটা আৰু নগদ ধন লাভ কৰে ক্ৰমে অশোক ব্ৰহ্ম, কান্দা বসুমতাৰী আৰু গোপাল মাৰাকে। বঁটা বিতৰণ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, খেল পৰিচালনা সমিতিৰ সভাপতি মন্টু দে, উপ -সভাপতি নিৰঞ্জন ৰায়, সম্পাদক দেবজ্যোতি উৰাও, আৰ এছ এছ ৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ, কোকৰাঝাৰ জিলা সংঘ চালক পূৰ্নেন্দূ দত্ত, শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষণ দাস, শিক্ষক অৰবিন্দ শীল আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
