নতুন দিল্লী, ১৯ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱে লাভ কৰে ফুটবল কিংবদন্তি লিয়নেল মেছিৰ পৰা বিশেষ উপহাৰ। মেছিৰ গট ইণ্ডিয়া ট্যুৰ ২০২৫ৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী ভ্ৰমণৰ সময়ত কুলদীপক আৰ্জেণ্টিনাৰ স্বাক্ষৰিত ফুটবল জাৰ্চি প্ৰদান কৰা হয়।
এডিডাছ ইণ্ডিয়াৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলে এই বিশেষ বৈঠকৰ ফটো শ্বেয়াৰ কৰিছে। ফটোত কুলদীপ যাদৱৰ লগতে ভাৰতৰ দুবাৰৰ পেৰালিম্পিক জেভেলিন চেম্পিয়ন তথা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়ন সুমিত এন্টিল, আৰু দুবাৰৰ পেৰালিম্পিক পদক বিজয়ী আৰু বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী পেৰা হাই জাম্পাৰ নিশাদ কুমাৰক দেখা গৈছে। এখন ফটোত সুমিত এন্টিলে হাতত জেভেলিন লৈ মেছিৰ সৈতে পোজ দিছে, আনহাতে মেছিয়ে ভাৰতীয় টি-২০ দলৰ জাৰ্চি পিন্ধিছে।
এই উপলক্ষে ভাৰতীয় বক্সাৰ নিখাত জৰীণ, মহিলা বিশ্বকাপ বিজয়ী বলাৰ ৰেনুকা সিং ঠাকুৰ, আৰু নিশাদ কুমাৰেও মেছিক সাক্ষাৎ কৰে। ৰেনুকা সিঙৰ হৈ মেছিয়ে ক্ৰিকেট বলত চহী কৰাৰ লগতে নিশাদ কুমাৰক আৰ্জেণ্টিনাৰ স্বাক্ষৰিত জাৰ্চি উপহাৰ দিয়ে।
কুলদীপ যাদৱ এজন ডাঙৰ ফুটবল অনুৰাগী আৰু বাৰে বাৰে এফ চি বাৰ্চিলোনাৰ প্ৰতি আকৰ্ষণ প্ৰকাশ কৰি আহিছে। মেছিয়ে বহু বছৰ ধৰি এফ চি বাৰ্চিলোনাক প্ৰতিনিধিত্ব কৰিছিল, তাৰ পিছত পেৰিছ চেণ্ট জাৰ্মেইন (পি এছ জি)ৰ হৈ খেলিছিল আৰু বৰ্তমান ইণ্টাৰ মিয়ামিৰ হৈ খেলি আছে।
কলকাতাত চাৰিখন চহৰৰ গট ইণ্ডিয়া ট্যুৰ আৰম্ভ কৰিছিল লিয়নেল মেছিয়ে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ হায়দৰাবাদলৈ যাত্ৰা কৰে আৰু অৱশেষত ১৫ ডিচেম্বৰত দিল্লীত উপস্থিত হয়। দিল্লীত অৰুণ জেটলী ষ্টেডিয়ামত মেছি, ৰড্ৰিগো ডি পল, আৰু লুইছ ছুয়াৰেজক ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি প্ৰদান কৰে দিল্লীত। মেছিক ১০ নং জাৰ্চি, ছুৱেৰেজক ৯ নং জাৰ্চি আৰু ডি পলক ৭ নং জাৰ্চি দিয়া হৈছিল, এই সকলোবোৰৰ ওপৰত নাম খোদিত কৰা হৈছিল।
জে শ্বাহে মেছিক আগন্তুক টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ বাবেও আমন্ত্ৰণ জনাইছিল আৰু প্ৰতীকীভাৱে তেওঁক টিকট প্ৰদান কৰিছিল, যিটো ভ্ৰমণৰ অন্তিম লেগৰ এক উল্লেখযোগ্য দিশ। দিল্লীত মেছিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীৰ সৈতেও সাক্ষাৎ কৰে।
ভ্ৰমণৰ সামৰণি মাৰি মেছিয়ে গুজৰাটৰ জামনগৰত উপস্থিত হয় আৰু তাতেই তেওঁ অনন্ত আম্বানীৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ ভান্তৰা পৰিদৰ্শন কৰে। ইয়াৰ পিছতে মঙলবাৰে ভাৰতৰ পৰা ৰাওনা হয়।
ইয়াৰ পূৰ্বে মুম্বাই লেগৰ সময়ত মেছিয়ে ভাৰতীয় ক্ৰিকেট কিংবদন্তি শচীন টেণ্ডুলকাৰ আৰু ভাৰতীয় ফুটবল কিংবদন্তি সুনীল ছেত্ৰীৰ সৈতে সাক্ষাৎ কৰি ফটোৰ বাবে পোজ দিছিল। হায়দৰাবাদত তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে প্ৰদৰ্শনীমূলক মেচ খেলি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
