-ডেৰিল মিচেলক ১৪ কোটি টকাত চি এছ কেৰ ক্ৰয়
-পঞ্জাৱ কিংছৰ ১১.৭৫ কোটি টকাত হৰ্শল পেটেলক ক্ৰয়
ডুবাই, ১৯ ডিছেম্বৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ অধিনায়ক তথা বেগী বলাৰ পেট কামিন্স। চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত তীব্ৰ নিবিদা যুদ্ধৰ অন্তত ২০২৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কোটি টকাত ক্ৰয় কৰে।
ইয়াৰ পূৰ্বে ফাষ্ট বলাৰ কামিন্স দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল। ২০২০ চনৰ নিলামত ১৫.৫ কোটি টকাৰ অভিলেখ সৃষ্টি কৰি তেওঁক চুক্তিবদ্ধ কৰিছিল কেকেআৰে। কামিন্সক মুকলি কৰি দিয়া হয় আৰু দুটা ছিজনৰ পিছত ফ্ৰেঞ্চাইজিয়ে তেওঁক প্ৰায় ১০ লাখ ডলাৰ (৭.২৫ কোটি টকা)ত পুনৰ ক্ৰয় কৰে।
২০২২ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কেকেআৰৰ হৈ ১৪টা বলত অৰ্ধশতক অৰ্জন কৰা কামিন্সে আইপিএলৰ যৌথ দ্বিতীয় দ্ৰুততম অৰ্ধশতক।
কামিন্সৰ উপৰিও নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডেৰিল মিচেলক চেন্নাই ছুপাৰ কিংছে (চি এছ কে) ১৪ কোটি টকাত ক্ৰয় কৰিছে। মিচেলৰ বেচ প্ৰাইচ আছিল ১ কোটি টকা, কিন্তু ১৪ গুণ বেছি মূল্যত কিনিছিল। প্ৰথমে দিল্লী আৰু পঞ্জাবে মিচেলৰ বাবে দৰদাম কৰিছিল যদিও দাম বৃদ্ধিৰ লগে লগে দিল্লীৰ দলটোৱে পিছুৱাই গৈছিল আৰু তাৰ পিছত চেন্নাই প্ৰৱেশ কৰি জয়ী হৈছিল।
একে সময়তে ভাৰতীয় অল ৰাউণ্ডাৰ হৰ্ষল পেটেল ২০২৪ চনৰ আই পি এল নিলামৰ দ্বিতীয়টো ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হয়। হৰ্ষলক ১১ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিছে পঞ্জাব কিংছে।
২০১২ চনত আই পি এলত অভিষেক ঘটোৱা হৰ্ষলে তেতিয়াৰ পৰাই আই পি এলৰ প্ৰতিটো ছিজনতে খেলা দেখা গৈছিল। এই পৰ্যন্ত আই পি এলত মুঠ ৯১খন মেচ খেলি ৮.৫৯ ইকনমি ৰেটত বলিং কৰাৰ লগতে ৮৯টা ইনিংছত ১১১টা উইকেট দখল কৰিছে। হৰ্ষলৰ বাবে আই পি এল ২০১১ সৰ্বাধিক সফল ছিজন বুলি প্ৰমাণিত হৈছিল, সেই ছিজনত তেওঁ ১৫ খন মেচ খেলি ৩২ টা উইকেট দখল কৰে।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
