
নগাঁও, ০৩ ডিচেম্বৰ (হি.স.)। নগাঁও জিলাৰ কামপুৰ কাকতিগাঁৱত চলি থকা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ সোঁৱৰণি ফুটবল প্ৰতিযোগীতাৰ চুড়ান্ত খেলখন মংগলবাৰে দিবা নৈশত অনুষ্ঠিত হয় ৷ এই চুড়ান্ত খেলখন খেলিবলৈ যোগ্যতা অৰ্জন কৰিছিল জে বি ফুটবল ক্লাৱ নগাঁও বনাম চেঙাজান বাজবাতমাৰী আঞ্চলিক ফুটবল ক্লাৱে ৷ এক উত্তেজনাময় খেল খনত জে বি ফুটবল ক্লাৱে চেঙাজান বাজবাতামাৰী আঞ্চলিক ফুটবল ক্লাৱক ৪/২ গ’লত পৰাজিত কৰি বিজয়ীৰ খিতাপ দখল কৰে ।
চেঙাজান বাজবাতামাৰী আঞ্চলিক ফুটবল ক্লাৱ ২ গ’লত পৰাস্ত হয় । খেলখনৰ আৰম্ভনি অনুষ্ঠানত গীত পৰিবেশন কৰে নেকিব আহমেদে ৷ আনহাতে চুড়ান্ত খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷ উল্লেখ্য যে, খেলখন উপভোগ কৰিবলৈ অঞ্চলটোৰ সহস্ৰধিক লোক উপস্থিত থাকে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
