• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ ভাৰতক ৩০ ৰানত পৰাজিত
Sports

কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ ভাৰতক ৩০ ৰানত পৰাজিত

CliQ INDIA
Last updated: November 16, 2025 7:16 pm
CliQ INDIA
Share
5 Min Read
SHARE

কলকাতা, ১৬ নৱেম্বৰ (হি স)। কলকাতাৰ ইডেন গাৰ্ডেনত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক ৩০ ৰানত পৰাস্ত কৰে। আলহী দলটোৱে দ্বিতীয় ইনিংছত ১৫৩ ৰান কৰি ভাৰতে ১২৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। প্ৰথম ইনিংছত ভাৰতে ১৮৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ১৫৯ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ বেটিং অত্যন্ত দুৰ্বল আছিল, দেওবাৰে দ্বিতীয় অধিবেশনত দলটোৱে ৯৩ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। আনহাতে ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট।

মেচ খনত ১২৪ ৰানৰ লক্ষ্য খেদি খেদি ভাৰতীয় দলৰ আৰম্ভণি দুৰ্বল আছিল। দলটোৱে এক ৰানত দুটা উইকেট হেৰুৱাইছিল। প্ৰথমে যশস্বী জয়ছোৱালক এক ৰাণ নকৰাকৈ আউট কৰা হয়, আৰু তাৰ পিছত কে এল ৰাহুলেও মাত্ৰ এটা ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিলৈকে ভাৰতে দ্বিতীয় ইনিংছত ১০ ৰানত দুটা উইকেট হেৰুৱাইছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু ধ্ৰুৱ জুৰেলে সতৰ্কতাৰে বেটিং কৰি ভাৰতৰ স্ক’ৰ ৩০ৰ ওপৰলৈ লৈ যায়। দুয়োজনে ভাল বেটিং কৰি আছিল যেতিয়া ভাৰতে জুৰেলৰ ৰূপত তৃতীয়টো আঘাতৰ সন্মুখীন হয়। জুৰেলে ৩৪ বলত ১৩ ৰান সংগ্ৰহ কৰি আউট হয়। ঋষভ পন্তেও ২ ৰান সংগ্ৰহ কৰি আগতীয়াকৈ আউট হয়।

ভাৰতৰ পঞ্চম উইকেটটো ৰবীন্দ্ৰ জাদেজাৰ ৰূপত পৰিল। ১৮ ৰানত আউট হয় জাডেজা। আনটো মূৰৰ পৰা সতৰ্কতাৰে বেটিং কৰি অহা ৱাশ্বিংটন সুন্দৰেও দলটোৰ মুঠ স্ক’ৰ ৭২ কৰি পেভিলিয়নলৈ উভতি আহিছিল। ৱাশ্বিংটনে ৯২টা বলৰ সন্মুখীন হৈ ৩১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতে কুলদীপ যাদৱে এক ৰান কৰি আউট হয়। দলটোক তেতিয়াও ৪০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ প্ৰয়োজন আছিল। এনে পৰিস্থিতিত অক্ষৰ পেটেলে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি চাৰিটা আৰু তাৰ পিছত দুটা ছয় কৰে। ইফালে আৰু এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি থাকোঁতে অক্ষৰ নিজৰ উইকেট হেৰুৱাই পেলায়। অক্ষৰ ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত এটা চাৰি আৰু দুটা ছয়ো আছিল। অৱশেষত মহম্মদ ছিৰাজ কোনো ৰাণ নকৰাকৈ আউট কৰা হয়। ভাৰতীয় অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত ৪ ৰান সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হৈ অৱসৰ গ্ৰহণ কৰে। ডিঙিত হোৱা আঘাতৰ বাবে তেওঁ সমগ্ৰ মেচখনৰ পৰা বাহিৰ হ’ল, যাৰ ফলত ভাৰতীয় ইনিংছ ৯৩ ৰানত সমাপ্ত হয়।

দক্ষিণ আফ্ৰিকাৰ হৈ চাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্কো জান্সেন আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কৰে। আইডেন মাৰ্ক্ৰামে এটা উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ ১৫৩ ৰান সংগ্ৰহ

ইয়াৰ পূৰ্বে আজি পুৱা দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত ১৫৩ ৰাণত অল আউট হয়। আলহী দলটোৰ বাকী তিনিটা উইকেট প্ৰথম অধিবেশনতে অন্ত পৰে। কৰবিন বছ ২৫ ৰানত আউট হয়, আৰু চাইমন হাৰ্মাৰে ৭ ৰানত আউট হয়। কেশৱ মহাৰাজ একাউণ্ট নোখোলাকৈ এল বি ডব্লিউ হয় । দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাই ৭টা উইকেট হেৰুৱাইছে। দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক টেম্বা বাভুমাই সুন্দৰ বেটিং কৰি ৫৫ ৰানত অপৰাজিত হৈ থাকে।

ভাৰতীয় দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৪টা উইকেট দখল কৰে। কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে।

প্ৰথম ইনিংছত ভাৰতৰ ১৮৯ ৰান সংগ্ৰহ

ভাৰতে প্ৰথম ইনিংছত ১৮৯ ৰান সংগ্ৰহ কৰি ৩০ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰে। দলটোৰ হৈ অ’পেনাৰ কে এল ৰাহুলে সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে ২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ঋষভ পন্তে ২৭, ৰবীন্দ্ৰ জাদেজাই ২৭, অক্ষৰ পেটেলে ১৬, ধ্ৰুৱ জুৰেলে ১৪, যশস্বী জয়ছোৱাল ১২, কুলদীপ যাদৱে ১, মহম্মদ ছিৰাজে ১ আৰু যশপ্ৰীত বুমৰাহ ১ ৰাণত নট আউট হৈ ৰয়। ইফালে চাৰি ৰান সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হৈ অৱসৰ গ্ৰহণ কৰে অধিনায়ক গিল।

দক্ষিণ আফ্ৰিকাৰ হৈ চাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে ৩টা উইকেট দখল কৰে। কেশৱ মহাৰাজ আৰু কৰ্বিন বছে এটাকৈ উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছঃ

টছত জয়ী হোৱাৰ পিছত বেটিং কৰিবলৈ বাছি লোৱা দক্ষিণ আফ্ৰিকাৰ আৰম্ভণিও আশা কৰাতকৈ কম আছিল। শীৰ্ষ অৰ্ডাৰ সম্পূৰ্ণৰূপে থৰক বৰক কৰিলে আৰু প্ৰথম ইনিংছত দলটোৱে ১৫৯ ৰানত অল আউট হয়। তেওঁলোকৰ হৈ আইডেন মাৰ্ক্ৰামে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰে। আন কোনো বেটছমেনে ৩০ ৰান অতিক্ৰম কৰিব নোৱাৰিলে আৰু ভাৰতীয় বলাৰসকলে তেওঁলোকক হেঁচাত ৰাখি দ্ৰুত ভাৱে পেভিলিয়নলৈ ঘূৰাই পঠিয়ালে।

ভাৰতৰ হৈ প্ৰথম ইনিংছত যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেলে এটা উইকেট দখল কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ডব্লিউ পি এল নিলামঃ অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ চাহিদা অধিক, মহিলা ক্ৰিকেট কিংবদন্তিৰ ওপৰত অধিক গুৰুত্ব
ফিডে গ্ৰেণ্ড প্ৰি চুইছ দবা প্ৰতিযোগিতা: মহিলা শাখাত বৈশালীৰ যৌথ অগ্ৰগতি, গুকেশ-এৰিগাছি ড্ৰ’
নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষক বেন ছেয়াৰৰ কাৰ্যকাল দুবছৰৰ বাবে সম্প্ৰসাৰণ | BulletsIn
ভাৰতীয় প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ আই পি এলৰ পৰা অৱসৰ
তৃতীয় টি-২০ত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰি বাংলাদেশে ২-১ ব্যৱধানত শৃংখলা জয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিৱসাগৰত জনজাতিকৰণৰ দাবীত আটাছুৰ জোঁৰ সমদল
Next Article বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আজি চুক্তি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?