নতুন দিল্লী, ০৭ জুলাই (হি.স.)। অখিল ভাৰতীয় ফুটবল ফেডাৰেচনে এ এফ চি মহিলা এছিয়ান কাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বাবে দেওবাৰে ভাৰতীয় মহিলা ফুটবল দলটোক ৫০ হাজাৰ মাৰ্কিন ডলাৰ (প্ৰায় ৪২.৭৫ লাখ টকা) পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
শনিবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত আয়োজক আৰু উচ্চ ৰেংকিঙৰ থাইলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি অহা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰে মহিলা দলটোৱে।
ইয়াৰ পূৰ্বে ভাৰতে মংগোলিয়াক ১৩-০, টিমৰ-লেষ্টেক ৪-০ আৰু ইৰাকক ৫-০ গ’লত পৰাস্ত কৰি দৰ্শনীয় জয় পঞ্জীয়ন কৰিছিল।
এআইএফএফে এক বিবৃতিত কয় যে, যদিও ক্ষেত্ৰখনত ফলাফল একপক্ষীয় যেন লাগিব পাৰে, তথাপিও ই যোৱা কেইবছৰমানৰ পৰা অহৰহ পৰিকল্পনা আৰু উন্নয়নমূলক প্ৰচেষ্টাৰ ফল। এই সফলতাৰ কোনো চৰ্টকাট নাছিল—এয়া দীৰ্ঘম্যাদী পন্থা আৰু গাঁথনিগত প্ৰস্তুতিৰ ফল।
দলটোৰ সৰ্বাধিক গ’লদাতা আছিল ফৰৱাৰ্ড প্যাৰী শশা। মংগোলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত ৫টা গ’ল দিয়ে।
মন কৰিবলগীয়া যে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া এছিয়ান কাপে মহিলা বিশ্বকাপ ২০২৭ আৰু লছ এঞ্জেলছ অলিম্পিক ২০২৮ৰ বাবেও কোৱালিফায়াৰ হিচাপে কাম কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
