নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ভাৰতীয় ২০ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে বুধবাৰে এ এফ চি এছিয়ান কাপ ২০২৬ৰ কোৱালিফায়াৰত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ০-০ গ’লত ড্ৰ’ কৰি অভিযান আৰম্ভ কৰে। ইয়াংগনৰ থুউন ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন।
এই ফলাফলৰ সৈতে ভাৰতে এটা পইণ্ট লাভ কৰি দলটো গ্ৰুপ ডিৰ দ্বিতীয় স্থানত আছে। শুকুৰবাৰে ভাৰতে এতিয়া পৰৱৰ্তী মেচত তুৰ্কমেনিস্তানৰ বিৰুদ্ধে খেলিব।
খেলখনৰ ষষ্ঠ মিনিটত বাওঁফালৰ পৰা নেহাৰ ক্ৰছ ইণ্ডোনেছিয়াৰ ডিফেন্সক পৰাভূত কৰে যদিও দূৰৰ পোষ্টত থকা পূজা আৰু চুলাঞ্জনা ৰাউলে বলটো স্পৰ্শ কৰিব নোৱাৰিলে। সামান্য স্পৰ্শ কৰিলেও ইণ্ডোনেছিয়াৰ গ’লৰক্ষক ইলিয়ানা আয়ু আৰুমিৰ বাবে সমস্যাৰ সৃষ্টি হ’লহেঁতেন।
প্ৰথমাৰ্ধৰ আধা ঘণ্টাৰ পাছত সুলঞ্জনা আৰু পূজাই দীৰ্ঘ দূৰত্বৰ পৰা গ’ল দিবলৈ চেষ্টা কৰে। আনহাতে সুলাঞ্জনাৰ শ্বটটো সামান্য ব্যৱধানত পোষ্টৰ বাহিৰলৈ যোৱাৰ বিপৰীতে পূজাৰ চেষ্টা পোনে পোনে ইলিয়ানাৰ হাতত সোমাই পৰে।
দ্বিতীয়াৰ্ধত নেহা পুনৰ বাওঁফালৰ পৰা সক্ৰিয় হৈ পৰে যদিও ইণ্ডোনেছিয়াৰ ডিফেণ্ডাৰসকলে সামূহিকভাৱে তেওঁক পৃথক কৰিবলৈ সক্ষম হয়।
খেলখনৰ অন্তিম ২০ মিনিটত ভাৰতে আগ্ৰাসী পন্থা অৱলম্বন কৰে। বিপক্ষৰ অৰ্ধত ছিবানী দেৱী নংমাইকাপামে এটা পাছ বাধা দি ববিতা কুমাৰীৰ হৈ কাটবেক কৰে যদিও বল স্পৰ্শ কৰিব নোৱাৰিলে। কিছু সময়ৰ পাছত ছিবানীয়ে আন এটা ক্ৰছ বাবিতাৰ ফালে পঠিয়াই দিলে, যিটো ক্ৰছ সহজেই ইলিয়ানাই ধৰিলে।
ইণ্ডোনেছিয়াই ৮৭ মিনিটত খেলখনৰ একমাত্ৰ ডাঙৰ সুযোগ লাভ কৰে, যেতিয়া বিকল্প খেলুৱৈ আজেং শ্ৰী হাণ্ডায়নীয়ে ভাৰতীয় ডিফেন্স ভাঙি গ’লৰ ওচৰ পালেগৈ। বলটো দূৰৰ পোষ্টৰ ফালে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় গ’লৰক্ষক মনালিছা দেৱী মইৰাংথেমে তললৈ নামি এক উজ্জ্বল ছেভ কৰে। ইয়াৰ পিছত থোইবিছানা চানু তোইজামে বিপদ সম্পূৰ্ণৰূপে ৰোধ কৰিলে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
