
ছান্টিয়াগো (চিলি), ০৮ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে এফ আই এইচ জুনিয়ৰ মহিলা হকী বিশ্বকাপ ২০২৫ৰ বাবে ৯ম/১৬ নম্বৰ স্থানৰ অৰ্হতা মেচত ৱেলছক ৩-১ গ’লত পৰাস্ত কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।
ভাৰতৰ হৈ হিনা বানো (১৪ মিনিট), সুনেলিতা টপো (২৪), আৰু ইছিকা (৩১ মিনিট)ৰ গ’ল দিয়াৰ বিপৰীতে ৱেলছৰ হৈ একমাত্ৰ গ’লটো এল’ইছ ম’টে (৫২ মিনিট) কৰে।
খেলখনৰ আৰম্ভণিৰে পৰা ভাৰতীয় দলটোৱে আগ্ৰাসী ৰূপত দেখা দিছিল, প্ৰথম ৩০ ছেকেণ্ডৰ ভিতৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল। ভাৰতীয় খেলুৱৈসকলে অহৰহ হেঁচা বজাই ৰাখি সুযোগৰ সৃষ্টি কৰিছিল যদিও প্ৰথম মিনিটত গ’ল দিব নোৱাৰিলে। ইফালে ৱেলছৰ পেনাল্টি ষ্ট্ৰ’কৰ সুযোগ আছিল যদিও ভাৰতীয় গ’লৰক্ষক নিধিয়ে এক চমকপ্ৰদ ছেভ কৰি স্ক’ৰ সমতল কৰি ৰাখিছিল।
প্ৰথম কোৱাৰ্টাৰৰ অন্তিম মুহূৰ্তত সাক্ষী ৰানাৰ উজ্জ্বল পদক্ষেপৰ পিছত সহজ টেপ ইনেৰে ভাৰতক অগ্ৰগতি প্ৰদান কৰে হিনা বানোৱে। দ্বিতীয় কোৱাৰ্টাৰত ভাৰতৰ আধিপত্য অব্যাহত থাকে, আৰু পুনৰবাৰ সাক্ষী ৰানাৰ শ্বটৰ ৰিবাউণ্ডত ওচৰৰ পৰা সুনেলিতা টপোৱে গ’ল দি অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। প্ৰথমাৰ্ধত ভাৰতে ১৪টা চাৰ্কল এণ্ট্ৰি কৰি শক্তিশালী স্থানত থাকিল।
দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ভাৰতে তৃতীয়টো গ’ল দিয়ে। ৱেলছৰ গ’লৰক্ষকগৰাকীৰ ৰিবাউণ্ডত ইছিকাই বলটো গ’লপোষ্টলৈ থেলি দিয়ে। ইয়াৰ পিছতে প্ৰশিক্ষক জ্যোতি সিঙৰ দলটোৱে খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখি ৱেলছৰ ডিফেন্সক অহৰহ হাই প্ৰেছেৰে পিছুৱাই ঠেলি দিয়ে।
অন্তিম কোৱাৰ্টাৰত ৱেলছৰ হৈ এল’ইছ ম’টে এটা গ’ল দিছিল যদিও সেয়া কেৱল সান্ত্বনামূলক গ’ল বুলি প্ৰমাণিত হ’ল। ভাৰতীয় দলটোৱে খেলখন শক্তিশালীভাৱে সমাপ্ত কৰি ৩-১ গ’লত জয়লাভ কৰে।
ভাৰতীয় দলটোৱে ৯ ডিচেম্বৰত উৰুগুৱেৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
