হাংঝু, ২৮ অক্টোবৰ (হি.স.)। চীনত চলি থকা এছিয়ান পেৰা গেমছত নতুন অভিলেখৰে ভাৰতীয় খেলুৱৈ নীৰজ যাদৱে পুৰুষৰ জেভলিন থ্ৰ’ এফ ৫৫ত স্বৰ্ণ পদক অৰ্জন কৰে। নীৰজে ৩৩.৬৯ মিটাৰ বৃহৎ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰি পেৰা গেমছৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। এছিয়ান পেৰা গেমছৰ এই সংস্কৰণত তেওঁৰ দ্বিতীয়টো পদক। ইফালে টেক চান্দে ৩০.৩৬ মিটাৰৰ আকৰ্ষণীয় থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
ইয়াৰ পূৰ্বে নীৰজে পুৰুষৰ ডিস্কাছ থ্ৰ’-এফ৫৪/৫৫/৫৬ প’ডিয়ামত ৩৮.৫৬ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ৰে (ৰাজা স্কেলিং চিষ্টেম অনুসৰি ১০১৪ পইণ্ট লাভ কৰিবলৈ) সোণৰ পদক লাভ কৰিছিল ।
গেমছৰ অন্তিম দিনটোত আজি ভাৰতৰ বাবে পদকৰ বৰ্ষা অব্যাহত আছে। ইয়াৰ পূৰ্বে পূজাই মহিলা ১৫০০ মিটাৰ টি-২০ত নিজৰ আচৰিত এথলেটিক দক্ষতা আৰু ৫:৩৮.৮১ ছেকেণ্ডৰ ফিনিছিং সময়েৰে এক দৰ্শনীয় ব্ৰঞ্জৰ পদক লাভ কৰে।
ইয়াৰ পূৰ্বে ভাৰতীয় নাৱিক অনিতা আৰু নাৰায়ণ কংগনাপল্লে পি আৰ ৩ মিক্সড ডাবলছ স্কালছত ৰূপৰ পদক লাভ কৰে। মিক্সড ডাবলছৰ যুটিটোৱে ৮:৫০.৭১ ছেকেণ্ডত প’ডিয়াম সম্পূৰ্ণ কৰে।
ইফালে, পুৰুষৰ টি৪৭ ৪০০ মিটাৰ দৌৰত দিলীপ মহাদু গাভিটে স্বৰ্ণ জয় কৰি এছিয়ান পেৰা গেমছত ভাৰতক ১০০ পদকৰ আকাংক্ষিত স্থানলৈ লৈ যায়। তেওঁ ৪৯.৪৮ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ পদক লাভ কৰে।
হিন্দুস্তান সমাচাৰ/ সুনীল/মনোজ/অৰবিন্দ
