নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতে কম্পাউণ্ড শাখাত আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখি মহিলা দল আৰু মিক্সড টিম ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ দলে ৰূপৰ বাবে সন্তুষ্ট হয়। মহিলাৰ কম্পাউণ্ড দলৰ ফাইনেলত দীপশিখা, পৃথিকা প্ৰদীপ, আৰু জ্যোতি সুৰেখা ভেন্নামৰ ভাৰতীয় ত্ৰিমূৰ্তি দলে দক্ষিণ কোৰিয়াক ২৩৬-২৩৪ পইন্টত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।
পুৰুষৰ কম্পাউণ্ড দলীয় ইভেণ্টত অভিষেক ভাৰ্মা, চাহিল জাধৱ, আৰু প্ৰতামেশ ফুগেৰ ভাৰতীয় দলটোৱে কাজাখস্তানৰ হাতত ২২৯-২৩০ পইন্টত সংকীৰ্ণভাৱে পৰাস্ত হৈ ৰূপৰ পদকত সন্তুষ্ট হয়। সমগ্ৰ খেলখন ৰোমাঞ্চকৰ আছিল যদিও গুৰুত্বপূৰ্ণ মুহূৰ্তত কাজাখ দলে অগ্ৰগতি লাভ কৰিছিল।
মিক্সড টিম ফাইনেলত ভাৰতীয় যুটি অভিষেক ভাৰ্মা আৰু দীপশিখাই বাংলাদেশৰ হিমু বাচাৰ আৰু বোনা আক্তাৰক ১৫৩-১৫১ পইন্টত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। ঢাকাত চলি থকা প্রতিযোগিতাত ভাৰতৰ প্রদর্শনে এছিয়ান পর্যায়ত ধনুর্বিদ্যাত ভাৰতৰ শক্তিশালী স্থান আৰু অধিক সুদৃঢ় কৰি তুলিছে৷
हिन्दुस्थान समाचार / অৰৱিন্দ
