জেদ্দা, ০৯ অক্টোবৰ (হি.স.)। বুধবাৰে ইণ্ডোনেছিয়াক ৩-২ গ’লত পৰাস্ত কৰি ছৌদি আৰবে ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। অহা মঙলবাৰে ইৰাকৰ বিৰুদ্ধে জয়লাভ কৰিলে গ্ৰুপ বিত শীৰ্ষস্থান দখল কৰি প্ৰত্যক্ষভাৱে বিশ্বকাপ বাৰ্থ নিশ্চিত হ’ব। এয়া হ’ব তেওঁলোকৰ সপ্তমখন বিশ্বকাপ খেল।
এছিয়ান কোৱালিফাইংৰ চতুৰ্থ ৰাউণ্ডত দুয়োটা গ্ৰুপৰ বিজয়ীয়েহে স্বয়ংক্ৰিয়ভাৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে পঞ্চম ৰাউণ্ডলৈ আগবাঢ়িব।
ইণ্ডোনেছিয়াই শক্তিশালী আৰম্ভণি কৰিলে। ১১ মিনিটত কেভিন ডিক্সে পেনাল্টি দিয়ে। অৱশ্যে মাত্ৰ ছয় মিনিটৰ পাছত ছালেহ আবু আল-ছামাতে সমতা স্থাপন কৰে। ৩৭ মিনিটত ফিৰাছ আল বুৰাইকানে চৌদি আৰৱক অগ্ৰগতি প্ৰদান কৰে।
দ্বিতীয়াৰ্ধত আন এটা গ’ল দি আল-বুৰাইকানে নিজৰ স্থিতি শক্তিশালী কৰে। অৱশ্যে ৮৯ মিনিটত কেভিন ডিক্সে দ্বিতীয়টো পেনাল্টিক ৰূপান্তৰিত কৰি ইণ্ডোনেছিয়াক কামবেকৰ আশাৰ সঞ্চাৰ কৰে। ষ্টপেজ টাইমত মহম্মদ কান্নোৱে ৰঙা কাৰ্ড লাভ কৰিছিল যদিও আয়োজক দলটোৱে নিজৰ অগ্ৰগতি ধৰি ৰাখিছিল।
শনিবাৰে ইৰাকৰ হাতত ইণ্ডোনেছিয়া পৰাস্ত হ’লে ১৯৩৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপত প্ৰৱেশৰ সপোন ছিন্নভিন্ন হৈ পৰিব। ইয়াৰ পূৰ্বে কাটাৰ আৰু ওমানৰ মাজত গ্ৰুপ এৰ খেলখন ০-০ গ’লত ড্ৰ’ত সমাপ্ত হৈছিল।
কাটাৰৰ প্ৰশিক্ষক জুলেন লোপেটেগুইয়ে কয় যে, আমি গোটেই মেচখনত ভাল খেলিলোঁ। বিৰোধীয়ে শক্তিশালী ডিফেন্স দেখুৱাইছিল, কিন্তু তাৰ পিছতো আমি কেইবাটাও সুযোগ সৃষ্টি কৰিলোঁ। দুৰ্ভাগ্যজনকভাৱে আমি তেওঁলোকক ৰূপান্তৰিত কৰিব নোৱাৰিলোঁ।
ওমানৰ প্ৰশিক্ষক কাৰ্লোছ কুইৰ’জে কয়, আজিৰ ড্ৰ’ দুয়োটা দলৰ বাবে সৰ্বোত্তম ফলাফল। পৰাজয়ে আমাৰ অৰ্হতাৰ আশা বিপন্ন কৰিব পাৰিলেহেঁতেন। আমি এতিয়া ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ বাবে প্ৰস্তুতি চলোৱাত মনোনিৱেশ কৰিম।
মন কৰিবলগীয়া যে এছিয়াৰ পৰা মুঠ আঠটা দলে স্বয়ংক্ৰিয় বাৰ্থ লাভ কৰিব। ইতিমধ্যে জুন মাহত তৃতীয় ৰাউণ্ডৰ পৰা যোগ্যতা অৰ্জন কৰিছে জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ইৰাণ, উজবেকিস্তান, জৰ্ডানে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
