নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। বিশ্বৰ ৬ নম্বৰ স্থানৰ প্ৰাক্তন ইটালীৰ টেনিছ খেলুৱৈ মেটিও বেৰেটিনিয়ে ইউ এছ অ’পেন ২০২৫ৰ পৰা আঁতৰি আহিছে।বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ আয়োজকসকলে এই তথ্য প্ৰদান কৰে। বৰ্তমান বিশ্ব ৰেংকিঙত ৫৯ নম্বৰ স্থানত থকা বেৰেটিনিয়ে জুন মাহত উইম্বলডনৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত কোনো মেচ খেলা নাই।
পেটৰ আঘাতৰ পৰা সুস্থ হৈ ক’ৰ্টলৈ উভতি আহিছিল যদিও তাৰ পিছত টৰন্টো আৰু চিনচিনাটিত অনুষ্ঠিত হোৱা চুইছ অ’পেন গ্ষ্টাড আৰু মাষ্টাৰছ ১০০০ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে।
২০১৯ চনত ফ্লাছিং মিড’ছত অনুষ্ঠিত হোৱা বেৰেটিনিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁৰ ঠাইত এতিয়া আমেৰিকাৰ খেলুৱৈ ব্ৰেণ্ডন হোল্টে ইউ এছ অ’পেনৰ মূল ড্ৰ’ত প্ৰৱেশ কৰিব। ২৪ আগষ্টৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ একক মেচ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
