নিউয়ৰ্ক, ২৬ আগষ্ট (হিি.স.)। আমেৰিকাৰ প্ৰবীণ টেনিছ তাৰকা ভেনাছ উইলিয়ামছৰ যাত্ৰা ২০২৫ চনৰ ইউ এছ অ’পেনৰ প্ৰথম ৰাউণ্ডত স্তব্ধ হৈ পৰে। সোমবাৰে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত কেৰ’লিনা মুচ’ভাৰ বিৰুদ্ধে ৪৫ বছৰীয়া ভেনাছে মহান মনোভাৱ দেখুৱাইছিল যদিও তিনিটা ছেটৰ ৰোমাঞ্চকৰ মেচত ৩-৬, ৬-২, ১-৬ ব্যৱধানত পৰাস্ত হয়।
নিউয়ৰ্কত ৭বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী ভেনাছৰ অভিলেখ ২৫ সংখ্যক মূল ড্ৰ’ আছিল। ২০০০ আৰু ২০০১ চনত ইয়াত খিতাপ জয় কৰা ভেনাছে দৰ্শকৰ পৰা বহু সমৰ্থন লাভ কৰাৰ পিছত কয় যে, আজি মই জয়ী হোৱা নাছিলো, কিন্তু মোৰ খেলক লৈ গৌৰৱ অনুভৱ কৰিছো। মই কেতিয়াও এনে সমৰ্থন পোৱা নাই।
মেচখনত মুচোভাই প্ৰথম ছেটটো সহজেই জিকিছিল যদিও দ্বিতীয় ছেটত ভেনাছে শক্তিশালী কামবেক কৰি নেট প্লে আৰু চোকা শ্বটেৰে ৫-২ ব্যৱধানত অগ্ৰগতি লাভ কৰি অৱশেষত ছেটটো জয় কৰে। কিন্তু নিৰ্ণায়ক ছেটত তাইৰ শক্তি শেষ হৈ যায় আৰু মুচোভাই আক্ৰমণাত্মক খেলি জয়ী হয়।
যোৱা দুবছৰ ধৰি একেৰাহে ইউ এছ অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মুচোভাই। তেওঁ কয়, বিশ্বাস কৰিব নোৱাৰা পৰিৱেশ আছিল। ভেনাছ এগৰাকী কিংবদন্তি আৰু তেওঁৰ সৈতে ক’ৰ্ট ভাগ কৰাটো এক সন্মানৰ কথা।
প্ৰায় দুঘণ্টা ধৰি চলি থকা এই মেচখনে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ভেনাছৰ ৰেংকিং ৫৮২ হ’ব পাৰে, কিন্তু খেলৰ প্ৰতি থকা তাইৰ আবেগ আৰু দৰ্শকৰ প্ৰেমে তেওঁক বিশেষ কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
