ছিডনী, ০২ জানুৱাৰী (হি স)। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াৰ প্ৰবীণ বেটছমেন উছমান খোৱাজাই ক্ৰিকেটত প্ৰচলিত বৰ্ণবাদী পক্ষপাতিত্বৰ বিষয়ে মুকলিকৈ ব্যক্ত কৰে। ছিডনী টেষ্টৰ মাত্ৰ দুদিন পূৰ্বে প্ৰায় এঘণ্টা ধৰি সংবাদ মাধ্যমৰ আগত দিয়া আৱেগিক ভাষণত খোৱাজাই কয় যে তেওঁ এতিয়াও সমগ্ৰ কেৰিয়াৰত সন্মুখীন হোৱা একেবোৰ কু-সংস্কাৰৰ সৈতে যুঁজি আছে।
অষ্ট্ৰেলিয়াৰ প্ৰথমজন মুছলমান টেষ্ট ক্ৰিকেটাৰ খোৱাজাই ইংগিত দিয়ে যে এছেছ ছিৰিজৰ প্ৰথমখন টেষ্টৰ পূৰ্বে তেওঁৰ প্ৰস্তুতিৰ সমালোচনাই বৰ্ণবাদী চিন্তাধাৰাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। প্ৰথম এছেজ টেষ্টৰ পূৰ্বে খোৱাজাৰ গলফিঙৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ পাছতে পিঠিৰ স্পামৰ বাবে দুয়োটা ইনিংছতে অ’পেন কৰিব নোৱাৰিলে আৰু ব্রিজবেন টেষ্টতো বাহিৰ হ’ল৷ ইয়াৰ ফলত সংবাদ মাধ্যম আৰু একাংশ প্ৰাক্তন খেলুৱৈয়ে তেওঁৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
খোৱাজাই কয়, এইটো মোৰ প্ৰদৰ্শনৰ কথা নাছিল, বৰঞ্চ মোৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ কথা আছিল। তেওঁলোকে কৈছিল যে মই দলৰ প্ৰতি দায়বদ্ধ নহয়, স্বাৰ্থপৰ, কঠোৰ পৰিশ্ৰম নকৰা আৰু এলেহুৱা। এইবোৰ একেবোৰ বৰ্ণবাদী কু-সংস্কাৰৰ সৈতে মই সৰুৰে পৰা ডাঙৰ হৈ আহিছো।
তেওঁ আৰু কয় যে অষ্ট্ৰেলিয়াৰ দলৰ আন কোনো খেলুৱৈক এনে ব্যৱহাৰ কৰা দেখা নাছিল।
তেওঁ কয়, বহু খেলুৱৈয়ে টেষ্টৰ আগদিনা গলফ খেলে, বহুতে আগৰ নিশা মদ খায়, কিন্তু আঘাত পালে কোনেও একো নকয়। তেওঁলোকক ‘অষ্ট্ৰেলিয়ান লাৰিকিন’ বুলি কোৱা হয়। কিন্তু যেতিয়া মই আঘাত পাইছিলো তেতিয়া মোৰ সততা আৰু চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল।
খোৱাজাই প্ৰকাশ কৰে যে ভাৰতৰ বিৰুদ্ধে ঘৰুৱা অন্তিমখন শৃংখলাৰ সময়ত তেওঁ অৱসৰৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে যোৱা মাহত এডিলেইড টেষ্টৰ সময়ত তেওঁ চূড়ান্ত সিদ্ধান্ত লয়, অষ্ট্ৰেলিয়াই এছেছ শৃংখলাত জয়লাভ কৰাৰ পিছত। প্ৰথম অৱস্থাত এডিলেইড টেষ্ট দলৰ পৰা আঁতৰি থকাৰ পিছতো ষ্টিভ স্মিথ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত শেষ মুহূৰ্তত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়। সেই মেচখনত তেওঁৰ ৮২ আৰু ৪০ ৰান ইনিংছ নিৰ্ণায়ক বুলি প্ৰমাণিত হয়।
জুনিয়ৰ ক্ৰিকেটত বৰ্ণবাদৰ অভিজ্ঞতা
ইছলামাবাদত জন্মগ্ৰহণ কৰি সৰুতে ছিডনীলৈ গুচি যোৱা খোৱাজাই জুনিয়ৰ ক্ৰিকেটৰ দিনবোৰৰ কথা মনত পেলাই কয় যে সেই সময়ত ক্ৰিকেটত “শ্বেত প্ৰধান” আছিল আৰু তেওঁ বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছিল।
ৰাজনৈতিক আৰু সামাজিক বিষয়ত মাত মতাৰ বাবে তেওঁ সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ অহা বুলিও স্বীকাৰ কৰে। দুবছৰ পূৰ্বে আইচিচিয়ে তেওঁৰ জোতাত স্বাধীনতা এটা মানৱ অধিকাৰ আৰু সকলো জীৱন সমান বাৰ্তা পিন্ধিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল।
পৰিৱৰ্তন আৰু ভৱিষ্যতৰ আশাৰ বাবে চেষ্টা কৰা
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বহুসংস্কৃতিৰ একচন প্লেন (২০২৩) গঢ় দিয়াত খোৱাজাই মূল ভূমিকা পালন কৰিছে। তেওঁৰ মতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটত নিশ্চয় উন্নতি হৈছে যদিও এতিয়াও বহু দূৰ বাকী আছে।
তেওঁ কয়, ‘অষ্ট্ৰেলিয়া বহুসংস্কৃতিৰ দেশ। বিশেষকৈ উপ মহাদেশৰ খেলুৱৈসকলৰ মাজত ক্ৰিকেটৰ উল্লেখযোগ্য উপস্থিতি আছে, কিন্তু জাতীয় দলত এইটো সদায় প্ৰতিফলিত নহয়। দলত স্থান বিচাৰি উলিওৱাটো কঠিন আৰু কাকো উপহাৰ দিয়া উচিত নহয়, কিন্তু এতিয়াও প্ৰত্যাহ্বান আছে। আশাকৰোঁ পৰৱৰ্তী উছমান খোৱাজাৰ যাত্ৰা অলপ সহজ হ’ব, আৰু সেয়া ভৱিষ্যত প্ৰজন্মত এজন উছমান খোৱাজাৰ যাত্ৰা এজন জন স্মিথৰ দৰেই স্বাভাৱিক হ’ব।”
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সমৰ্থন
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ টড গ্ৰীণবাৰ্গে খোৱাজাৰ সৈতে একমত হৈ কয় যে, “এটা ক্ৰীড়া হিচাপে আৰু সমাজ হিচাপে আমাৰ এতিয়াও অধিক কাম আছে, কিন্তু আমি সঠিক পথত আগবাঢ়িছো। ক্ৰিকেটক আগৰ তুলনাত উন্নত কৰি তোলাত উছমানে বৃহৎ ভূমিকা পালন কৰিছে।”
গ্ৰীণবাৰ্গে আৰু কয় যে খোৱাজাৰ উত্তৰাধিকাৰ কেৱল এই ক্ষেত্ৰখনতে সীমাবদ্ধ নহয়।
তেওঁ কয়, “তেওঁ এজন মেধাৱী ক্ৰিকেটাৰ আছিল, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেলৰ বাহিৰত তেওঁৰ অৱদান গভীৰ। আগন্তুক প্ৰজন্মলৈ তেওঁৰ প্ৰভাৱ ক্ৰিকেটত অনুভৱ কৰা হ’ব।”
ছিডনী টেষ্টৰ জৰিয়তে উছমান খোৱাজাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ শেষ হ’ব যদিও ক্ৰিকেটক অধিক সৰ্বাংগীন আৰু সমতাপূৰ্ণ কৰাৰ বাবে তেওঁৰ যুঁজ অব্যাহত থকাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
