মেলবৰ্ণ, ০৮ আগষ্ট (হি.স.)। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক টিম নীলছনক অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ জৰিয়তে তেওঁ নতুন ভূমিকা আৰম্ভ কৰিব। আগন্তুক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এই শৃংখলা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ১৫ জনীয়া ১৯ বছৰ অনুৰ্ধ অষ্ট্ৰেলিয়া দলৰ ঘোষণা কৰিছে। ছেপ্টেম্বৰৰ পৰা ব্রিজবেন আৰু মেকেত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত তিনিখন ৫০ অভাৰৰ মেচ আৰু দুখন চাৰিদিনীয়া যুৱ টেষ্ট মেচ অনুষ্ঠিত হ’ব ৷
এদিনীয়া মেচঃ ২১, ২৪ আৰু ২৬ ছেপ্টেম্বৰত ব্রিজবেনৰ ইয়ান হিলি অ’ভেলত অনুষ্ঠিত হ’ব, আনহাতে ৩০ ছেপ্টেম্বৰৰ পৰা ব্রিজবেনত প্ৰথমখন যুৱ টেষ্ট, ৭ অক্টোবৰৰ পৰা মেকেত দ্বিতীয়খন যুৱ টেষ্ট অনুষ্ঠিত হ’ব ৷
অলৰাউণ্ডাৰ অলিভাৰ পিক দলৰ অংশ নহ’ব
অলিভাৰ পিক দলত অন্তৰ্ভুক্ত হোৱা নাই কাৰণ তেওঁ একে সময়তে অষ্ট্ৰেলিয়া এ দলৰ সৈতে ভাৰত ভ্ৰমণলৈ যাব। যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা যুৱ টেষ্টত শতক অৰ্জন কৰা পিকে শেহতীয়াকৈ শ্ৰীলংকা এৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া এৰ হৈ ৯২ ৰান সংগ্ৰহ কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যদিও তেওঁ এতিয়াও অহা বছৰৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে যোগ্য, তথাপিও বিবিএলত মেলবৰ্ণ ৰেনেগেডছৰ সৈতে তেওঁৰ ব্যস্ত ঘৰুৱা ছিজন আৰু চুক্তিয়ে তেওঁৰ নিৰ্বাচন অনিশ্চিত কৰি তুলিছে।
টিম নীলছনৰ প্ৰশিক্ষকতালৈ প্ৰত্যাৱৰ্তন
৫৭ বছৰীয়া টিম নিলছনে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে অষ্ট্ৰেলিয়াৰ ছিনিয়ৰ দলটোৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল আৰু তাৰ পূৰ্বে জন বুকানানৰ সহকাৰী প্ৰশিক্ষকও আছিল। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চেণ্টাৰ অৱ এক্সেলেন্সতো প্ৰশিক্ষকতা কৰি আহিছে। শেহতীয়াকৈ ২০২৪ চনত পাকিস্তানৰ টেষ্ট দলৰ উচ্চ প্ৰদৰ্শনৰ প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে।
নীলছন এতিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উন্নয়নমূলক ভূমিকালৈ ঘূৰি আহিছে, য’ত তেওঁ লকলান ষ্টিভেন্সৰ পদত্যাগৰ পিছত এই ভূমিকা গ্ৰহণ কৰিব।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় উন্নয়নৰ মুৰব্বী ছ’নিয়া থম্পছনে কয় যে, আমি খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতা প্ৰদান কৰি এই বহু ফৰ্মেট ভ্ৰমণৰ জৰিয়তে তেওঁলোকৰ দক্ষতাক প্ৰত্যাহ্বান জনাই উৎফুল্লিত হৈছো। এই শৃংখলা আগন্তুক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে আমাৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ।
তেওঁ আৰু কয় যে টিম নীলছনৰ অভিজ্ঞতাই আমাৰ যুৱ দলটোক বহুখিনি উপকৃত কৰিব আৰু তেওঁৰ নেতৃত্বই আমাৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰিব।’
অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দল (ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ বাবে):
ছাইমন বাজ, এলেক্স টাৰ্নাৰ, ষ্টিভ হোগান, উইল মালাজচুক, যশ দেশমুখ, টম হোগান, আৰিয়ান শৰ্মা, জন জেমছ, হেডেন শ্বিলাৰ, চাৰ্লছ লেকমাণ্ড, বেন গৰ্ডন, উইল বাইৰাম, কেছি বাৰ্টন, এলেক্স লি ইয়ং, জেডেন ড্ৰেপাৰ।
ৰিজাৰ্ভ খেলুৱৈ: জেড হলিক, টম পেডিংটন, জুলিয়ান অছবৰ্ণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
