– অষ্ট্ৰেলিয়ান অ’পেন ৱাইল্ডকাৰ্ড অৰ্হতাৰ বাবে কেএছএলটিএ-এ ঘোষণা কৰিছে এক লাখ টকাৰ পুৰস্কাৰ
বেংগালুৰু, ২৯ নৱেম্বৰ (হি.স.)। চীনৰ চেংডুত অনুষ্ঠিত এছিয়া-পেচিফিক ৱাইল্ডকাৰ্ড প্লে অফত জয়লাভ কৰি অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ পুৰুষৰ ডাবলছৰ মূল ড্ৰ’ত স্থান দখল কৰিছে কৰ্ণাটকৰ টেনিছ খেলুৱৈ নিকি কলিয়াণ্ডা পুনাচাই।
ভাৰতক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ছিড নিকিয়ে থাইলেণ্ডৰ প্ৰৌচ্য ইছাৰোৰ সৈতে খেলিছিল। উদ্বোধনী খেলখনত টিয়ানজি কিয়ান আৰু ব’ৱেন ৱুক পৰাস্ত কৰে এই যুটিটোৱে। ছেমিফাইনেলত পাক লং ইউং আৰু চিহ চি হুয়াঙক পৰাস্ত কৰে। ফাইনেলত জাপানৰ ছেইটা কুছুহাৰা আৰু কাটছুকি নাকাগাৱাক ৬–৪, ৬–৩ ব্যৱধানত পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ৱাইল্ডকাৰ্ড লাভ কৰে। এইটোৱেই হৈছে নিকিৰ প্ৰথমটো গ্ৰেণ্ড শ্লেমৰ মূল ড্ৰ’ত প্ৰৱেশ। কৰ্ণাটক ষ্টেট লন টেনিছ এছ’চিয়েশ্যনে এই কৃতিত্বৰ বাবে ১ লাখ ₹ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে।
গ্ৰেটাৰ বেংগালুৰু কৰ্তৃপক্ষৰ মুখ্য আয়ুক্ত তথা কে এছ এল টি এৰ সম্পাদক মহেশ্বৰ ৰাৱে কয়, চেংডুত নিকি পুনাচাই তেওঁৰ সংগী প্ৰুচ্য ইছাৰোৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেন ৱাইল্ডকাৰ্ড ইভেণ্টত জয়ী হোৱা অসাধাৰণ প্ৰদৰ্শনত আমি অত্যন্ত সন্তুষ্ট। আমি গৌৰৱান্বিত যে তেওঁ ৰোহন বোপান্নাৰ উত্তৰাধিকাৰ আগুৱাই লৈ গৈছে দেশ আৰু ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আত্মবিশ্বাসী। এই কৃতিত্বৰ স্বীকৃতি স্বৰূপে কে এছ এল টি এয়ে ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰ্ণাটকৰ খেলুৱৈসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এনে উল্লেখযোগ্য মাইলৰ খুঁটিক সদায় সন্মান জনাব বুলি উল্লেখ কৰে কেএছএলটিএই।
हिन्दुस्थान समाचार / অৰৱিন্দ
