গোলাঘাট, ২৬ আগষ্ট (হি.স.)। ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সমাপ্ত হোৱাৰ পিচত আজি পুনৰ দ্বিতীয় পৰ্যায়ত ৰেংমা সংৰক্ষিত বনাঞ্চত চলিল প্ৰশাসনৰ বৃহত্ত উচ্ছেদ অভিযান।ৰেংমা সংৰক্ষিত বনাঞ্চলৰ হাতীদুবি ,১নং মধুপুৰ আৰু ৰানা নগৰ নামৰ তিনিখনকৈ গাঁৱত চলিল প্ৰশাসনৰ বুলড’জাৰ।
ৰেংমা সংৰক্ষিত বনাঞ্চলত ১০০০০ বিঘাতকৈও অধিক বনভূমি বেদখলমুক্ত হয় প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ ফলত।
পূৰ্বে নিদ্ধাৰিত সময়মতে পুৱা ৯:৩০ বজাৰ পৰা এই তিনিখন কৈ গাঁৱত প্ৰশাসনৰ দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযান চলে। ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বাসগৃহ , তামোলবাৰী , ইত্যাদিত পৰিল প্ৰশাসন আৰু বনবিভাগৰ বলড’জাৰ কোব । আনহাতে উচ্ছেদ স্থলীত নগা লোক উপস্থিত হৈ উচ্ছেদক সমৰ্থন জনোৱাৰ লগতে বৃক্ষ ৰোপনত সমৰ্থন নজনাও বুলি সংবাদ মাধ্যমক জানিব দিয়ে।ইফালে উচ্ছেদিত লোকৰ কৰুণ বিননি দেখিবলৈ পোৱা যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
