নগাঁও, ২২ ডিছেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ৰৌমাৰীত বৃহস্পতিবাৰে নিশা ৰহস্যজনক অৱস্থাত এটি মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
লাওগাঁৱৰ যুৱক চুৱেদ আলী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে ৰৌমাৰীত। লাওগাঁৱৰ ৰাজিবুল নামৰ লোকজনে ঘৰৰ পৰা ৰৌমাৰীত যাত্ৰা চাবলৈ মাতি নিছিল চুৱেদ আলীক। গোটেই নিশা পাৰ হল ঘৰলৈ উভতি নাহিল চুৱেদ আলী। ইফালে পলাতক হৈ আছে মাতি নিয়া ৰাজিবুল। পুৱাৰ ভাগত ৰৌমাৰীৰ লোকে পৰিয়ালৰ লোকক খবৰ মুমূহৰ্ষ অৱস্থাত পৰি আছে চুৱেদ আলী। চুৱেদ আলীৰ ৰহস্য়জনক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী পৰিয়াল তথা স্থানীয় লোকৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
