কোকৰাঝাৰ, ২৮ ডিচেম্বৰ (হি.স.)। ৰাজ্য়ৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুৰ্বে ঘোষিত এলানি কাৰ্যসূচী আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা গোটৰ।এলানি আন্দোলনৰ কাৰ্যসূচী আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা গোটে স্থগিত ৰাখে। গোসাঁইগাঁৱত অনুষ্ঠিত আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা গোটৰ সংবাদমেলত এইদৰে ঘোষণা কৰে। কোঁচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ অবিভক্ত গোৱালপাৰা গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আদিকে ধৰি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছিল।
উক্ত কাৰ্যসূচী সমূহৰ ফলত ৰাজ্য চৰকাৰে জানুৱাৰী মাহৰ প্ৰথম ভাগত আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা গোটক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে আজি দুপৰীয়া গোসাঁইগাঁৱত আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা গোটে অনাগত দিনৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখে বুলি এক সংবাদমেল যোগে অৱগত কৰে। সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ অবিভক্ত গোৱালপাৰা গোটৰ সভাপতি প্ৰদীপ ৰায়ে উক্ত সংবাদ মেলত উপস্থিত থাকি উক্ত কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
