
নগাঁও, ১৮ অক্টোবৰ (হি.স.): দক্ষিণ-পশ্চিম নগাঁৱৰ অন্যতম সাংস্কৃতিক নগৰী ৰহাত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে ৷ ধৰ্মীয় ভিন্নতা থাকিলেও বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ ৰহাত এইবেলি ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা সমিতিয়ে এক বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে অনুষ্ঠানটোৰ ৰূপালী জয়ন্তী বৰ্ষ ৷
পূজাথলীৰ মূল মণ্ডপ কেদাৰনাথ ধামৰ আৰ্হিৰে বিগত এমাহ ধৰি নিৰ্মাণ কৰি আছে শিলিগুৰিৰ এক শিল্পীৰ দলে ৷ পূজা আৰম্ভ হ’বলৈ মাজত মাত্ৰ দুদিন থকাৰ সময়ত অতি মনোমোহা আৰু ৩৫ ফুট উচ্চতাত নিৰ্মিত কেদাৰনাথ মন্দিৰৰ পূজামুখী ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
