কামৰূপ, ০২ জানুৱাৰী (হি.স.): ৰঙিয়াৰ তুলসীবাৰীত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।নিমিষতেই ভস্মীভূত হয় কেইবাখনো দোকান। চৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। এই অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়।
সম্পূৰ্ণৰূপে চাৰিখনকৈ দোকান ভস্মীভূত হয়। ৰঙিয়া তিনিআলিৰ উৰণীয়া সেতুৰ অভাৱত সম্পূৰ্ণৰূপে ভস্মীভূত হয় চাৰিখনকৈ দোকান। তিনিআলি ৰেলগেটত প্ৰায় ১৫মিনিট সময় আবদ্ধ হৈ পৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। যাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তুলসীবাৰীত চাৰিখনকৈ দোকান। এতিয়ালৈ ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ।তুলসীবাৰীৰ বজাৰত এই জুইৰ সূত্ৰপাত হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
