কামৰূপ, ০৩ জানুৱাৰী (হি স)। ৰঙিয়াত ইছলাম ধৰ্মাৱলম্বীসকলৰ ইস্তেমা উৎসৱৰ ব্যাপক আয়োজন চলিছে। অসমৰ ৫ খন জিলাৰ আৰু শ্বিলঙৰ ২০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব ইস্তেমাত ।
ইস্তেমাৰ পূৰ্বে প্ৰতিদিনে শ্ৰমদান কৰিছে সহস্ৰাধিক ৰাইজে । ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা ইস্তেমাৰ বাবে ৰাইজে আগবঢ়াইছে প্ৰায় ৬০ হাজাৰ বাঁহ, গাড়ীয়ে গাড়ীয়ে ধানৰ নৰা । প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হ’ব পেণ্ডেল । অসমৰ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা আৰু আৰু শ্বিলঙৰ পৰা প্ৰায় ২০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব ধৰ্মীয় সভাখনত ।
উল্লেখ্য যে, ১৫ ফেব্ৰুৱাৰীৰ দিনাখন ইস্তেমাৰ অন্ততঃ ২০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব আল্লাহৰ ওচৰত ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
