গুৱাহাটী, ১৮ নৱেম্বৰ (হি.স.)। অসমত নহয় বিশেষ সঘন পুনৰীক্ষণ চমুকৈ এছ আই আৰ। অসমত হ’ব বিশেষ পুনৰীক্ষণ চমুকৈ এছ আৰ। এতিয়া এনেদৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। এই সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত বিশদ বিৱৰণ দাঙি ধৰে।
সংবাদমেলত জনোৱা অনুসৰি, প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে। অসমত আজিৰে পৰা আৰম্ভ এছ আৰ প্ৰক্ৰিয়া। ভোটাৰৰ অৱস্থিতি সন্দৰ্ভত বিএলঅ’ য়ে কৰিব পৰীক্ষা। তালিকাত নাম থকা মৃত ভোটাৰৰ নাম কৰ্তন হ’ব। মৃত ভোটাৰৰ ক্ষেত্ৰত ফৰ্ম-৭ সংযোগ কৰা হ’ব। বহিঃৰাজ্যত ভোটাধিকাৰ থকা নাম কৰ্তন হ’ব। আন ৰাজ্যত ভোটাধিকাৰ থাকিলে সংযোগ হ’ব ফৰ্ম-৮।
সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী বিষয়াই জনায়, ঘৰত মানুহ নাথাকিলে ৩বাৰ পৰ্যন্ত যাব বিএলঅ। বিএলঅ যোৱাৰ পাছতো ফেব্ৰুৱাৰীলৈ উঠাব পাৰিব নাম। এছ আৰৰ জৰিয়তে নাম উঠাবলৈ চেষ্টা কৰাৰ আহ্বান সকলোকে। কোনো অভিযোগ থাকিলে জিলা আয়ুক্তক জনাব পাৰিব। খচৰা তালিকা প্ৰকাশৰ পূৰ্বে দাখিল কৰিব পাৰিব অভিযোগ। খচৰা তালিকা প্ৰকাশৰ ১৫ দিনৰ ভিতৰত দিব পাৰিব এই অভিযোগ। জিলা আয়ুক্ত পৰ্যায়ত অভিযোগ নিষ্পত্তি নহ’লে জনাব পাৰিব মুখ্য নিৰ্বাচনী বিষয়াক।
ৰাজ্যত ৬১,৫৫৩ গৰাকী বিএলঅ’ নিযুক্ত কৰিছে ৰাজনৈতিক দলসমূহে। এটা ভোটকেন্দ্ৰত ১২০০তকৈ অধিক ভোটাৰ নাথাকিব। উচ্ছেদিত পৰিয়ালে পূৰণ কৰিব লাগিব ফৰ্ম-৮। উল্লেখযোগ্য যে ২০২৬ৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ অসমত হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন। আজিৰে পৰা আৰম্ভ হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ২২ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব বিএলঅ সকল। ভোটকেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণ আৰম্ভ হ’ব ২২ নৱেম্বৰৰ পৰা। ২৭ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। দাবী আৰু আপত্তি জনাব পাৰিব ২ ফেব্ৰুৱাৰীলৈ। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
