চিৰাং,০৫ অক্টোবৰ (হি.স.)। অহা ৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ ১৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ১৩৪ সংখ্যক ঐতিহাসিক বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখনি । এই সন্দৰ্ভত লক্ষ্মী মন্দিৰ প্ৰাংগণত দেওবাৰে বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা কমিটীয়ে এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।
এই সংবাদমেলত লক্ষ্মী পূজা আৰু মেলা কমিটীৰ সভাপতি ধনঞ্জয় ৰায় আৰু কাৰ্যকৰী সভাপতি ভৱেন বৰ্মনে কয় ১৪ দিনীয়াকৈ অনুষ্ঠিতব্য এই ঐতিহাসিক বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা খন ৬ অক্টোবৰৰ সন্ধিয়া ৭ বজাত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।
লক্ষ্মী মন্দিৰ প্ৰাংগণ , বিজনী ছোৱালী হাইস্কুলৰ খেলপথাৰ, বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, জাকিৰ হুছেইন পাব্লিক হাইস্কুলৰ খেলপথাৰ সামৰি অনুষ্ঠিত এই লক্ষ্মী পূজা আৰু মেলা খনত চাৰিখন প্ৰৱেশ আৰু প্ৰস্থান পথ থাকিব।
প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লক্ষ্মী মন্দিৰ প্ৰাংগণত অহা ৭ অক্টোবৰত জুবিন সংগীত সন্ধিয়া আৰু বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ এশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। তাৰোপৰি লক্ষ্মী পূজা আৰু মেলাখনৰ প্ৰতিখন তৰণত জুবিন গাৰ্গৰ ফটো থাকিব ।
তাৰোপৰি এই লক্ষ্মী পূজা আৰু মেলাখনত থাকিব কেইবাখনো বাণিজ্য মেলা, মিনা বজাৰ , চাৰ্কাছ ,বিভিন্ন ধৰণৰ প্ৰদৰ্শনী। পূজা আৰু মেলাৰ সময়ছোৱাত প্ৰতিদিনে মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’ব আই সকলৰ নাম-প্ৰসঙ্গ, খাৰাতাল, পুতলা নাচৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম।
উল্লেখ্য বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখন প্ৰতিবছৰে নিশা দহ বজালৈকে অনুষ্ঠিত হৈ আহিছে যদিও এই বেলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত ভক্ত প্ৰাণ ৰাইজৰ সুবিধাৰ বাবে নিশা বাৰ বজালৈকে অনুষ্ঠিত হ’ব ।
এই লক্ষ্মী পূজা আৰু মেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চিৰাং জিলা প্ৰশাসন, বিজনী মহকুমা প্ৰশাসনৰ লগতে ১২০ জন স্বেচ্ছাসেৱক থাকিব বুলি সংবাদমেলত সদৰি কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
