হোজাই, ১৮ নৱেম্বৰ (হি.স.): হোজাইৰ উত্তৰ বিদ্যানগৰত শুকুৰবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ঙ্কৰ হত্যাকাণ্ডৰ ঘটনা। চোকা দাৰ ঘাপত থিতাতে নিহত হয় নিখিল দাস নামৰ এজন টেম্পো চালক।
ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে আটক কৰিছে মানিক দে নামৰ এজন ব্যক্তিক। প্ৰত্যক্ষদৰ্শীৰ অনুসৰি হত্যাকাণ্ডৰ আগমুহূৰ্তত দুয়োৰে মাজত চলিছিল তৰ্কযুদ্ধ । তৰ্কযুদ্ধৰ চৰম পৰিণতি স্বৰূপ মানিক দেই নিজে কাম কৰা চোকা দাৰে আক্ৰমণ কৰে নিখিল দাসক। ফলত চোকা দাৰ ঘাপত থিতাতে নিহত হয় নিখিল দাস নামৰ লোকজন। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই। হত্যাকাণ্ড সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
