
হোজাই ১৫ ডিছেম্বৰ (হি.স.): হোজাই মুল্লাগ্ৰামত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক। ৰৈ থকা ডাম্পাৰত খুন্দিয়ায় থিতাতে নিহত হয় বাইক আৰোহী দুজন।
নিহত যুৱক দুজন ইছলাম নগৰৰ ফাৰদিদ হুছেইন আৰু জাইদুল ইছলাম বুলি পৰিচয় পোৱা গৈছে। স্থানীয় ৰাইজে ততাতৈয়াকৈ হোজাই হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয় যুৱক দুজনৰ। ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
