দক্ষিণ শালমাৰা মানকাচৰ, ২২ ডিছেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘ দিনীয়া দাবী সমূহৰ স্থায়ী সমস্যা সমাধানৰ দাবীত আজিও ৰাতি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ধৰ্ণা কাৰ্যসূচী পালন কৰে।
দাবী সমূহ হৈছে জিলা আয়ুক্ত কাৰ্যালয় অধীনৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰক, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা আৰু মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জাৰি কাৰক সকলকো অতিৰিক্ত ৩% শতাংশ দৰমহা প্ৰদান কৰা, এনপিএছ বাতিল কৰি ওপিএছ পুনৰ প্ৰচলন কৰা আদি দাবীৰে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে বিধায়ক আৰু লোকসভাৰ সদস্য সকলে যদি পেঞ্চন আৰু চৰকাৰী ভাট্টা পাব পাৰে তেন্তে জিলা আয়ুক্তৰ কৰ্মচাৰী সকলে কিয় এনেকুৱা ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈছে। সেয়েহে তেওঁলোকৰ দাবী পূৰণ নকৰিলে আগন্তুক দিনত ভয়াবহ আন্দোলনৰ ভাবুকি প্ৰদান কৰে সন্থাটোৱে।
আজিও অন্তিম দিনা ধৰ্ণা কাৰ্যসূচী চলি আছে যদিও এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ উক্ত দাবী সমূহৰ প্ৰতি সঁহাৰি দিয়া নাই বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
