কামৰূপ, ১৯ আগষ্ট (হি.স.)। নিশা হাজোৰ ৰামদিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত এখন সূতাৰ পাইকাৰী দোকান । ৰামদিয়া নামপাৰাৰ পুতুল চিল্ক চেন্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ১ কোটি টকাৰ সা সামগ্ৰী। বৈদ্যুতিক স্বৰ্ট শ্বাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই। স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ ভুলৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড। উল্লেখ্য যে বিদ্যুৎৰ শ্বৰ্ট শ্বাৰ্কিটৰ ফলত ৰামদিয়াৰ নামপাৰা অঞ্চলটোৰ বহু কেইটা পৰিয়ালত সংঘটিত হয় সৰু বৰ অগ্নিকাণ্ডৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
