বৰপেটা, ০২ ডিছেম্বৰ (হি স)। বৰপেটা জিলাৰ সৰভোগৰ ঘুগুবাৰীত আজি সংঘটিত এক পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে এটা পৰিয়াল। তীব্ৰবেগী যাত্ৰীবাহী আল্ট্ৰা বাছে গছত খুন্দা মাৰি ৰৈ যায়। ইফালে যাত্ৰীবাহী বাছ গাড়ীখনে খুন্দা মাৰি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে কাষতে থকা বাসগৃহৰ টিনৰ বেৰ। ফলত পৰিয়ালটো কথমপি ৰক্ষা পৰে।
এই দূৰ্ঘটনাত কেবাজনো যাত্ৰী আহত বুলি জানিব পৰা গৈছে। পথ দূৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী আল্ট্ৰা বাছখন এএছ ২৫ চিচি ৫৯৫৩ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা কলগাছিয়া অভিমূখে আহি থকা তীব্ৰবেগী বাছখনে ঘুগুবাৰী টাৰ্নিঙত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে এই দূৰ্ঘটনা। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনৰ চালক আৰু হেণ্ডিমেনে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাছখন সৰভোগ আৰক্ষী থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
