
ধেমাজি, ১৬ আগষ্ট (হি.স.)। স্বাধীনতাৰ আনন্দ উল্লাখৰ সময়তে যোৱাকালি শুকুৰবাৰে সন্ধিয়া চিলাপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে নিহত হয় দুজন বাইক আৰোহী। লগতে আহত হয় আন তিনিজন লোক
প্ৰাপ্ত তথ্য়মতে, চিলাপথাৰৰ চিতলমাৰীত এএছ ২৪ এল ১৮৯০ আৰু এএছ ২২ এইচ ৬৩৮৩ নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ এই হৃদয়বিদাৰক ঘটনা ঘটে । মৃত্যু হোৱা লোক দুজনৰ এজন ৰাকেশ পাদি আনজন দীপজ্যোতি তাঁতী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে আন তিনিজন গুৰুতৰ আহত হয় । আহত তিনিজনক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
