
গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। সোণাপুৰৰ ৱাৰিছা এষ্টেটত সোমবাৰৰ পৰা অনুষ্ঠিত হয় এণ্ডুৰেন্স ৰেচ। এই এণ্ডুৰেন্স ৰেচৰ আজি দ্বিতীয় দিন। দেশৰ শীৰ্ষ ২০গৰাকী ভাৰতীয় ৰাইডাৰৰ অংশ গ্ৰহণ।
এই ৰেচৰ উদ্দেশ্য যে স্থানীয় যুৱক-যুৱতী সকল ৰেচিংক ৰেচট্ৰেক লৈ যাবলৈ শিক্ষিত কৰি তোলাৰ লক্ষ্যৰে সোণাপুৰত ৬ঘণ্টীয়া এণ্ডুৰেন্স ৰেচ। দেশৰ শীৰ্ষ ২০ গৰাকী ৰাইডাৰে অংশ গ্ৰহণ কৰা এই ৰেচ উত্তৰ পূৱত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে। উল্লেখ্য যে বিদেশৰ মাটিত আটাইতকৈ কম বয়সীয়া কশ্মীৰৰ ৰেহবৰ বকটুৰৰ লগতে উত্তৰ পূৱৰ ৫ গৰাকী ৰাইডাৰে অংশ গ্ৰহণ কৰিছে। মণ কৰীব লগীয়া কথা যে দেশৰ শীৰ্ষ ৰাইডাৰৰ সৈতে উত্তৰ পূৱৰ ৰাইডাৰ সকলে এই ৰেচত সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ /আলোক.
