গোলাঘাট, ০৯ ছেপ্তেম্বৰ (হি.স.): সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী যোৱা কালি ৮ ছেপ্টেম্বৰত পালন কৰা হয়। ৰাজ্যজুৰি সুধাকণ্ঠ দেৱৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ লগতে দেৰগাঁৱতো বিভিন্ন স্থানত উদযাপন কৰা হয় তেখেতৰ জন্ম শতবাৰ্ষিকী। সোমবাৰে দেৰগাঁৱৰ মাৰোৱাৰী পঞ্চায়তো নিশা উলহ মালহেৰে এই শতবাৰ্ষিকী পালন কৰা দেখা যায়।
আহ্বায়ক প্ৰশান্ত প্ৰদীপ হাজৰিকা আৰু প্ৰশান্ত মাধৱ বৰাৰ নেতৃত্বত লগতে গীতাশ্ৰী মিউজিক একাডেমিৰ তথা মাৰোৱাৰী সমাজৰ সহযোগত ডঃ ভূপেন হাজৰিকাৰ দেৱৰ সংগীতৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। ডঃ ভূপেন হাজৰিকাৰ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিবৰ্তন গোস্বামীয়ে। কুঁৱলী বৰা, আকাশনিল নেওগ, য়াচমীন ৰহমানকে ধৰি বিভিন্ন শিল্পী সকলে গীত পৰিবেশন কৰে। অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীত চৰ্চা কৰা শিল্পী সকল তথা তেখেতৰ অনুৰাগীসকলৰ উপস্থিতত অনুষ্ঠানৰ সফল সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
