গোলাঘাট, ২০ ডিচেম্বৰ (হি.স.): সুদখোৰ ইয়াৰউদ্দিন আহমেদৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ইজাজ আলি নামৰ লোকজনে।২০১৯ চনতে ২০ শতাংশ হাৰত ২৫ হাজাৰ টকা লৈছিল ইজাজ আলিয়ে। ২০২৪ চনতে মূলধনৰ লগতে সুদ ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই দিয়ে। সকলো ধন ঘূৰাই দিয়াৰ পাছতো পূৰ্বতে জমা দিয়া চেক বুকৰ কপি ঘূৰাই নিদিলে ইয়াৰ উদ্দিন আহমেদে। তাৰ পৰিবৰ্তে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ ইয়াৰুদ্দিন আহমেদৰ বিৰুদ্ধে।
ইতিমধ্যে সম্পূৰ্ণ টকা ঘূৰাই দিয়াৰ পিছত চেক পাত ঘুৰাই নিদিয়াত গোলাঘাট আদালতত আবেদন দাখিল কৰি আদালতে চেক পাত ঘুৰাই দিয়াৰ নাটিচ দিয়াৰ পিছতো ঘুৰাই নিদি পুনৰ টকা বিচাৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰাত গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
