নগাঁও, ২৬ নৱেম্বৰ (হি.স.): কৃষ্ণ নামেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। শৰৎ চন্দ্ৰাৱলী ৰাতি শ্ৰীকৃষ্ণৰ ৰাস উৎসৱক লৈ উখল মাখল ৰাজ্য। আজি ৰাস পূৰ্ণিমা। সমগ্ৰ ৰাজ্যৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাৰ আইভেটি সত্রত ৰাস উৎসৱ উপলক্ষে সত্ৰৰ ভকত বৈষ্ণৱে অনুষ্ঠিত কৰে ভাগৱত ভ্ৰমণ।
তিনিদিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত কৰা এই ৰাস মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিবেশ বিৰাজ কৰিছে সত্রৰ ভকত বৈষ্ণৱ সকলৰ মাজত । ইফালে আইভেটি আই কনকলতা আইলক্ষী থানত বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটি অতিথিশালা শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বিধায়ক গৰাকীক সংগ দিয়ে সত্ৰৰ ভকত বৈষ্ণৱে ।
ইফালে বিধায়ক গৰাকীয়ে সত্রত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ২৫ হেজাৰ টকাৰ চেক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে সত্রৰ ভকত বৈষ্ণৱৰ হাতত।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
