
শ্ৰীভূমি, ২৪ জুন (হি.স.)। শ্ৰীভূমিৰ বদৰপুৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক হৈছে এগৰাকী মহিলা যাত্ৰী। গাঞ্জা সহ গ্ৰেপ্তাৰ হোৱা মহিলা যাত্ৰী গৰাকীৰ নাম হান্না দেববৰ্মা বুলি জানিব পৰা গৈছে। দেখাত ধুনীয়া মহিলা গৰাকী ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বেলবাৰী এলেকাৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আগৰতলাৰ পৰা দিল্লী অভিমুখী আনন্দবিহাৰ তেজছ ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন বদৰপুৰ ষ্টেচন আহি পোৱাৰ পিছত পাহাৰ লাইনত ভূমিস্খলন যোৱাৰ বাবে বাতিল কৰা হয় সকলো ট্ৰেইন চলাচল। পিছে ৰুটিন তালাচিত ৰে’ল আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলা যাত্ৰী সহ জব্দ কৰিছে বুজন পৰিমাণৰ গাঞ্জা । বদৰপুৰ ৰে’ল ষ্টেচনত তেজছ ট্ৰেইন আহি পোৱাৰ পিছত ৰে’ল আৰক্ষীয়ে চলাইছিল ৰুটিন তালাচী। আৰু এই তালাচীত এটি দবাৰ এগৰাকী মহিলা যাত্ৰীৰ প্ৰতি সন্দেহ হৈছিল ৰে’ল আৰক্ষীৰ । আৰু সন্দেহভাজন মহিলাৰ লাগেজ’ত তালাচী চলাওতে তাৰ পৰা উদ্ধাৰ হয় বান্দিলে বান্দিলে গাঞ্জা। মহিলা যাত্ৰীৰ পৰা উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ২০ লাখ টকা বুলি জানিব পৰা গৈছে । ৰে’ল আৰক্ষীয়ে ইতিমধ্যে মহিলা সৰবৰাহকাৰী গৰাকীক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
