নগাঁও, ২৩ জানুৱাৰী (হি.স.): উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত বৈষ্ণৱপীঠ ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম মহোৎসৱৰ উদযাপন সমিতিয়ে ব্য়াপক প্ৰস্তুতি চলাইছে। তিনিদিনীয়া কাৰ্যসূচীৰে ২৪, ২৫ আৰু ২৬ জানুৱাৰী তাৰিখে বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনাম মহোৎসৱ।
উল্লেখ্য় যে প্ৰায় ৬৭ বছৰ অবিৰত ভাৱে পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা পালনাম মহোৎসৱ প্ৰথমদিনা শুভাৰম্ভ কৰিব সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে। নগাঁৱৰ বালিসত্ৰৰ ডেকা সত্ৰীয়া ৰাজু দেৱ গোস্বামীয়ে নামাচাৰ্য, নগাঁৱৰ চামুগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্তই দুহাচাৰ্য কৰাৰ লগতে কেইবাখনো সত্ৰৰ কেইবাগৰাকী ব্যক্তিয়ে পাঠাচাৰ্য কৰিব। সেয়েহে পালনামৰ তিনিওটা দিনতে সকলো বৈষ্ণৱ প্ৰাণ ভক্ত, দৰ্শনাথীৰ উপস্থিতি কামনা কৰিছে উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিত গোস্বামীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
