শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীৰ কদমতলত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এগৰাকী বাইক আৰোহী। অচিনাক্ত ট্ৰাকৰ খূণ্ডাত নিহত যুৱকজনৰ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছ দুৰ্ঘটনাটো। বাইকখনৰ নম্বৰ এএছ-১২জে-১১২৬ । যুৱক জনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। অঞ্চলটোত ইয়াৰ পুৰ্বেও সঘনে পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে।
যুৱক জনৰ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চিনাক্তকৰণৰ বাবে তেজপুৰ চিকিতসা মহাবিদ্যালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে।
স্থানীয় ৰাইজে অঞ্চলটোত যান বাহন আৰক্ষীৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ দাবী জনাইছে।দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক সহ চালক জন। পলাতক ট্ৰাক চালক জনৰ সন্ধানত আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
