শিৱসাগৰ, ০৯ জুলাই (হি.স.)। অসম চৰকাৰৰ শ্ৰম উন্নয়ন, গৃহ (কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা) আৰু চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালাই শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন চৰকাৰী বিভাগৰ সৈতে এখনি পৰ্যালোচনা বৈঠকত মিলিত হয়।
উজনি বিভন্ন চাহ বাগানৰ পৰিচালক সকলৰ লগত মিলিত হৈ চাহ বাগানত চৰকাৰী আঁচনি কি ধৰনে ৰূপায়ন হৈছে তথা বাগানসমূহৰ আইনগত কথাসমূহ পৰ্যাালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।পৰ্য্যলোচনা সভাসমূহৰ পৰা সমস্যা সমূহ বুজিবলৈ সুবিধা হোৱাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে।
আজি দেশযোৰা বিভিন্ন শ্ৰমিক সংগঠনে দেশযোৰা ধৰ্মঘট সন্দৰ্ভত তথা শ্ৰম সংহিতাৰ ওপৰটো মন্তব্য প্ৰদান কৰি তেওঁ কয় যে এতিয়াও আইন প্ৰযোজ্য হোৱা নাই, এই আইন খনক আদৰণি, সময় আছে কিবা অসুবিধ- থাকিলে শুধৰাব পৰা সুবিধা থাকিব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
