শিৱসাগৰ, ০১ ছেপ্তেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ মাহখোৱা বাৰীত ৰাইজে শ্ৰমদান কৰি পথ নিৰ্মাণ কৰিবলৈ বাধ্য হৈ পৰিছে । বকতাৰ শিলিখাগুৰি পৰা পশ্চিম বকতাৰ চেতিয়া গাওঁ লগতে খামুন অঞ্চল সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজে জীয়াতু ভোগীব লগীয়া অৱস্থা সৃষ্টি হৈছে। ভগ্নপ্ৰায় অংশ পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ বাটচাই আজিলৈকে কোনো সুফল লাভ নাপালে ৰাইজে। আনকি স্থানীয় বিধায়ক গৰাকীয়ে এই ভগ্নপ্ৰায় অংশ মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিলে ৰাইজে।
চেপন চুণপোৰা সংযোগী দিচাং দলঙেদি যাতায়ত বন্ধ হৈ পৰাত যোগাযোগৰ একমাত্ৰ পথ হিচাপে হৈছে মাহখোৱা বাৰীৰ এই পথটো। এই অঞ্চলত স্থানীয় বিধায়ক গৰাকীক আজিলৈকে দেখা পোৱা নাই বুলিও ৰাইজৰ অভিযোগ আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
