লক্ষিমপুৰ, ১৭ নৱেম্বৰ (হি.স.): লক্ষিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ মৃত্যু হৈছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সিঙৰ। লক্ষিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰত ভৰ্তি কৰোৱা হৈছিল সিঙক।
লক্ষিমপুৰ বিজেপিৰ প্ৰাক্তন সভাপতি, ৰাষ্ট্ৰীয় পৰিসদৰ সদস্য সিঙৰ মৃত্যুত লক্ষিমপুৰত শোক প্ৰকাশ কৰা হৈছে। তিনিবাৰকৈ নাওবৈচা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰাওৱে । ৰাওৰ মৃত্যুত বিহপুৰীয়াৰ বিধায়ক ড: অমিয় ভূঞাই শোক প্ৰকাশ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
