হোজাই, ২২ আগষ্ট (হি.স.)। হোজাইৰ লংকাত বনৰীয়া হাতীৰ তাণ্ডব চলিব ধৰিছে। যোৱাকালি বৃহস্পতিবাৰে নিশা লংকাৰ গোসাঁইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাৰ্থমিক বিদ্যালয়ত দুটা বনৰীয়া চলালে তাণ্ডব।
বিদ্যালয় খনৰ দৰ্জা, খিৰীকী সীমাৰ দেৱালকে ধৰি বিদ্যালয় খনৰ বহু আচবাব ক্ষতি সাধন কৰে হাতীয়ে। উল্লেখ্য় যে ২০১৮ চনৰ পৰা এতিয়ালৈকে হাতীয়ে ৭বাৰ তাণ্ডব চলাইছে বিদ্যালয় খনত।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
