
যোৰহাট ০৭ আগষ্ট (হি.স.): যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৱা কালি বিয়লি উদ্ধাৰ কৰা হয় সন্দেহজনক হাতী দাঁত। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অপিডিৰ সন্মুখত এগৰাকী মহিলাৰ হাতত উদ্ধাৰ সন্দেহজনক হাতী দাঁত। মহিলা গৰাকীৰ নাম অঞ্জলি কৰ্মকাৰ বুলি জানিব পৰা গৈছে।
মহিলা গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অপিডি ত প্ৰৱেশ কৰোঁতেই নিৰাপত্তা ৰক্ষী (security guard) এ মহিলা গৰাকীৰ বেগৰ পৰা উদ্ধাৰ কৰি চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীত চমজাই দিয়ে। আৰক্ষী আৰু বন বিভাগৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে হাতী দাঁত হয় নে নহয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
