গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। মিঞাই সোনাপুৰৰ জুবিন ক্ষেত্ৰৰ পৱিত্ৰতা বিনষ্ট কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন স্থলী হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এই অভিযোগ তুলি কয় যে চৰকাৰী ভূমি, সত্ৰ বনাঞ্চলৰ পৰা বেদখলকাৰী মিঞাক উচ্ছেদ প্ৰক্ৰিয়া স্থবীৰ কৰিবৰ বাবে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তৰ আচিলা লৈ একাংশই চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে।
লগতে অসমৰ ৬৫ লাখ বিঘা চৰকাৰী, সত্ৰ, বনাঞ্চল, ট্ৰাইবেল বেল্টৰ ভূমি অধিকাংশই মিঞা লোকৰ দখলৰ পৰা উচ্ছেদ কৰি ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নিৰবিচ্ছিন্ন ভাৱে মোকলাই ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰয়াসক স্তব্ধ কৰিবৰ বাবে মিঞা লোকসকলে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত অশমত সৃষ্টি হোৱা আবেগিক পৰিৱেশৰ আলম লৈ চৰকাৰখনক শলঠেকত পেলাবলৈ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰি মুখপাত্ৰ জনে মিঞাৰ এনে কাৰ্য্য বিজেপিয়ে অসমৰ জনসাধাৰণৰ সহযোগত প্ৰতিহত কৰিব বুলি হুংকাৰ দিয়ে। আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ ৬৫ লাখ কাৰ্য্যকৰ্তা আৰু অসমৰ লক্ষ্য লক্ষ্য জুবিন প্ৰেমীক একত্ৰিত কৰি সূৰ্য্যকন্ঠ জুবিন গাৰ্গৰ অনাকাংশিথ মহাপ্ৰয়াণৰ ন্যায়লয়ৰ জৰিয়তে ন্যায় প্ৰাপ্তিৰ ববে আজিৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিছে। এই ন্যায় যাত্ৰাৰ মূল লক্ষ্য আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ ন্যায় প্ৰদান, লগতে জুবিন গাৰ্গৰ সংগীত কৰ্মৰাজী আৰু আদৰ্শ সৰ্বকালৰ বাবে বিশ্বত সূৰ্য্যৰ দৰে জ্যোতিস্মান হৈ থাকে তাৰ বাবে সকলোধৰণৰ কাম কাজ অসমৰ জনসাধাৰণৰ সহযোগত চৰকাৰ আৰু দলে সম্পন্ন কৰি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক স্থায়ীত্ব প্ৰদান কৰিব।
মুখপাত্ৰ গৰাকীয়ে জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰিবলৈ লুৰীণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈয়ে ভূৱা প্ৰচাৰত লিপ্ত হৈছে বুলি মন্তব্য কৰি কয় যে এই তিতনি নেতাৰ সমৰ্থক সকলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ভূৱা প্ৰতিবেদন সামাজিক মাধ্যমত প্ৰকাশ কৰা, অভিযুক্ত সকলক বাতানুকুল জেলত ৰখা বুলি আৰু ভিআইপিৰ দৰে ৰখা হব বুলি ভূৱা প্ৰচাৰৰ জৰিয়তে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ আনে। আনহাতে গৌৰৱ গগৈয়ে অসমত অৰাজকতাৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰি কয় যে জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ পাছত কংগ্ৰেছ নেতাজনে অশমতো দোকান ভঙা, ঘৰজ্বলোৱা আদিৰ জৰিয়তে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে পৰোচনামূলক বক্তব্য প্ৰদান কৰি অসমৰ যুৱ শক্তিক উত্তেজিত কৰাৰ চেষ্টা কৰিছিল বুলিও বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে। আনহাতে গৌৰৱ গগৈৰ এই ষড়যন্ত্ৰ বাস্তৱায়িত কৰিবৰ বাবে আহিলা মিঞাৰ নেতৃত্বত বাক্সা কাৰাগাৰৰ সন্মুখত অৰাজক পৰিৱেশ গঢ়ি উঠিছিল বুলিও তেঁও অভিযোগ কৰে।
অভিনেতা ৰবি শৰ্মাই শীঘলীপুখুৰীৰ বৃক্ষৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখপাত্ৰ গৰাকীয়ে ৰবি শৰ্মাই ৰাজনৈতিক অভিসন্ধিৰে বৃক্ষ প্ৰেমত নহয় তেঁও পত্নী প্ৰেমৰ দ্বাৰা পৰিচালিত হৈ এনে মিছা মন্তব্য কৰিছে বুলি উল্লেখ কৰে আৰু কয় যে, দীঘলীপুখুৰী পাৰৰ এজোপাও গছ কাটি পেলোৱা নাই কেৱল কেইজোপামান গছ সেই স্থানৰ পৰা উঘালি নি ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্দিষ্ট স্থানত ৰোপন কৰা হৈছে। মুখপাত্ৰ গৰাকীয়ে অসম তথা দেশৰ বহুকেইটা ঐতিহাসিক ঘটনাৰ ন্যায় প্ৰদানত ব্যৰ্থ হৈছিল কংগ্ৰেছ বুলি উল্লেখ কৰি বিৰোধী দলপতি দেবব্ৰত শইখীয়াক ধেমাজিৰ বোমা বিস্ফোৰণৰ শিশু হত্যা, ৮৫৫ জন শ্বহীদ হত্যা, ২০১১-১২ চনৰ বড়ো ভূমিত মিঞালোকে শতাধিক ভূমিপুত্ৰক হত্যাৰ ঘটনা সমূহৰ ন্যায় প্ৰদান কংগ্ৰেছে কিয় দিব নোৱাৰিলে বুলি বিৰোধী দলপতি দেবব্ৰত শইকীয়াক মুকলি প্ৰত্যাহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
