বৰপেটা, ২৮ জুন (হি.স.): মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ প্ৰতিষ্ঠানৰ নামত ৰাজসাহাৰ্য্য সন্দৰ্ভত কালি বিয়লি বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে। প্ৰাক্তন সাংসদ আব্দুল খালেক কটাক্ষ কৰি কয় যে বৰ্তমান ক্ষমতাত থকাসকলে ২৬ ত প্ৰাক্তন হ’ব, সেই কথা মুখ্যমন্ত্ৰীয়ে বুজি পাই চিন্তিত হৈ পৰিছে। যাৰ বাবে বিজেপি মন্ত্ৰী সকলৰ মন্ত্ৰিত্ব নাইকীয়া হ’লে তেওঁলোকে কিদৰে চলিব সেই কথাক লৈ চিন্তিত হৈছে।
অৱশ্য়ে গৰুখুটিৰ খীৰ গাই কলৈ গ’ল? ৰঙিয়াৰ পৰা গৰু হেৰাল ক’ত সেই কথা ৰাইজে জনাৰ অধিকাৰ আছে বুলিও কয় প্ৰাক্তন সাংসদ আব্দুল খালেকে। গতিকে ৰাইজক এই কথা স্পষ্ট কৰিব লাগে। জয়ন্ত মল্ল বৰুৱাৰ যদি সঁচাকৈ গৰু ফাৰ্ম আছে তেন্তে সেয়া ৰাইজক জনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ত উঠি পৰি লাগিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, না খাওংগা না খানে দুংগা, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে খায়েংগে আঔৰ খানে দুংগা। গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত হ’ব লাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
