
দৰং, ০৫ নৱেম্বৰ (হি স)। আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাদশ সংখ্যক স্মৃতি দিৱস । এই উপলক্ষ্য়ত আজি মঙলদৈত প্ৰভাতফেৰীৰে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ।
ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, ইউথ্ ক্লাব, সাংস্কৃতিক মহাসভা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান মানুহে মানুহৰ বাবেৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে দিনযোৰা কায্যসূচী। মঙ্গলদৈ ডঃ ভূপেন হাজৰিকা উদ্যানৰ পৰা আৰম্ভ কৰা প্ৰভাত ফেৰী সমগ্ৰ চহৰ খন পৰিভ্ৰমণ কৰে।
প্ৰভাত ফেৰীত ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশন কৰি মঙ্গলদৈ আকাশ বতাহ ভূপেন হাজৰিকাৰ গীতেৰে মুখৰিত কৰি তোলে। প্ৰভাত ফেৰীত মঙ্গলদৈ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ মহিলা ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
