
দৰং, ২৪ জানুৱাৰী (হি.স.): মৃত্যুদূতলৈ পৰিণত হোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মঙলদৈৰ ইণ্ড্ৰাষ্ট্ৰী চকত সংঘটিত হয এই শোকাৱহ দুৰ্ঘটনাটো।দুৰ্ঘটনাত থিতাতে মৃত্যু হয় মাতৃ আৰু পুত্ৰৰ।
প্ৰাপ্ত তথ্যমতে, যোৱাকালি মঙলবাৰে নিশা আলহীৰ ঘৰৰ পৰা স্কুটিৰে নিজ ঘৰলৈ উভতাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। বিপৰিত দিশৰ পৰা অহা এএছ ০৯ এচি ০১০৫ নম্বৰৰ ট্ৰাক এখনৰ সৈতে এএছ ১৩ জি ৯৭৫২ নম্বৰৰ স্কুটিৰে হোৱা মুখামুখি সংঘর্ষৰ ফলতে প্ৰাণ হেৰুৱালে মাতৃ জুৰি বৰুৱা শইকীয়া (৬০) আৰু পুত্ৰ পৰাগ জ্যোতি শইকীয়াই (৩৫) । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পৰাগ জ্যোতি শইকীয়াৰ পিতৃয়েও ইহসংসাৰ ত্যাগ কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
